প্ৰধানমন্ত্ৰীৰ ডিঙিৰ পৰা অসমীয়াৰ স্বাভিমান গামোচাখন কাঢ়ি অনাৰ হুংকাৰ ৰাইজৰ দলৰ…

প্ৰধানমন্ত্ৰীৰ ডিঙিৰ পৰা অসমীয়াৰ স্বাভিমান গামোচাখন কাঢ়ি অনাৰ হুংকাৰ ৰাইজৰ দলৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিঙিৰ পৰা অসমীয়াৰ স্বাভিমান মৰমৰ গামোচাখন কাঢ়ি অনাৰ হুংকাৰ নৱ গঠিত 'ৰাইজৰ দল'ৰ। প্ৰধানমন্ত্ৰী মোডীক পৃথানী-আদানীৰ গোলাম আখ্যা দি ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ড০ হৰিকান্ত দাসে প্ৰধানমন্ত্ৰী গৰাকীক ক্ষমতাচ্যুত কৰাৰ বাবে ৰাইজক মাৰ বান্ধি ওলাই আহিবলৈআহ্বান জনায় ।

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখৰ পৰা পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰ কাঢ়ি অনাৰো হুংকাৰ দিয়ে ৰাইজৰ দলৰ নেতা গৰাকীয়ে। নাৰায়ণপুৰৰ জৰাবাৰিস্থিত জ্যোতি সংগমৰ প্ৰেক্ষাগৃহত বিহপুৰীয়া সমষ্টি সমিতি গঠনৰ উদ্দেশ্যে অনুস্থিত হোৱা ৰাইজৰ দলৰ সভাখনত কেন্দ্ৰীয় সমিতিৰ সম্পাদক অনুপজ্যোতি শইকীয়াই অংশগ্ৰহণ কৰি সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰ খনৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰাৰ লগতে ৰাজ্যত এইবাৰ ৰাইজৰ দলে বিজয় ধ্বজা উৰুৱাব বুলি দাবী কৰে ।

ৰাইজৰ দলৰ প্ৰথম কথাও উন্নয়ন আৰু শেষ কথাও উন্নয়ন বুলি সজোৰে ঘোষণা কৰে নেতা গৰাকীয়ে । ৰাইজৰ দলৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি আজাদ হাজৰিকাৰ সভাপতিত্বত অনুস্থিত হোৱা সভা খনতে ৰিন্টু হাজৰিকাক সভাপতি আৰু পদ্মলোচন গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ ৰাইজৰ দলৰ বিহপুৰীয়া সমষ্টি সমিতি খন গঠন কৰাৰ লগতে ভানু ফুকনক সভানেত্ৰী আৰু ৰিতা বৰা আৰু প্ৰিয়ংকা গগৈ ঠাকুৰীয়াক যুটীয়া সাধাৰণ সম্পাদিকা হিচাপে লৈ ৰাইজৰ দলৰ বিহপুৰীয়া সমষ্টি মহিলা সমিতি খন গঠন কৰা হয় ।

সহস্ৰাধিক দলীয় সমৰ্থকৰ উপস্থিতিত অনুস্থিত হোৱা সভাখনত দলটোৰ লখিমপুৰ জিলা সমিতিৰ কেবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে। পুৱাৰ ভাগত ৰাইজৰ দলৰ সভাপতি কাৰাৰুদ্ধ অখিল গগৈৰ মুক্তিৰ দাবীত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে৷ সহস্ৰাধিক দলীয় সমৰ্থকে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হাতে হাতে দলীয় পতাকা লৈ অখিল গগৈক মুক্তি দিয়ক, ৰাইজৰ দল জিন্দাবাদ, বিজেপি হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল গ'বেক, হিমন্ত বিশ্ব শৰ্মা গ'বেক আদি প্ৰতিবাদী শ্ল'গানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে। সমদলকাৰী সকলে জৰাবাৰীস্থিত জ্যোতি সংগমৰ প্ৰেক্ষাগৃহত উপস্থিত হৈ সামৰণি মাৰে এই প্ৰতিবাদী কাৰ্যসূচী৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in