শিৱসাগৰত ‘ৰাইজৰ দল’ৰ প্ৰতিষ্ঠা দিৱসঃ সকলো আঞ্চলিক জাতীয়তাবাদী শক্তিক একত্ৰিত হোৱাৰ আহবান…

শিৱসাগৰত ‘ৰাইজৰ দল’ৰ প্ৰতিষ্ঠা দিৱসঃ সকলো আঞ্চলিক জাতীয়তাবাদী শক্তিক একত্ৰিত হোৱাৰ আহবান…

ডিজিটেল সংবাদ শিৱসাগৰঃ অখিল গগৈ নেতৃত্বাধীন 'ৰাইজৰ দল'ৰ শনিবাৰ, ৮ জানুৱাৰী প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।২০২১ চনৰ জানুৱাৰী মাহত মৰাণত অনুষ্ঠিত ৰাজ্যিক অধিৱেশনত অসমৰ আঞ্চলিক স্বাৰ্থ আৰু জাতীয়তাবাদী ভাৱধাৰ জাগ্ৰত কৰিবৰ অৰ্থে জন্ম লাভ কৰিছিল ৰাইজৰ দলে।

ৰাইজৰ দলৰ হৈ ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা বিগত নিৰ্বাচনত জয়লাভ কৰা অখিল গগৈয়ে বৰ্তমান এক মুখ্য বিৰোধীৰ ভূমিকা পালন কৰি আহিছে।এই ৰাইজৰ দলৰে প্ৰথম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্তসূচীৰে শিৱসাগৰ চহৰৰ যুৱদলত উদযাপন কৰা হয়।

পুৱা পতাকা উত্তোলন কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।পৰৱৰ্তী সময়ত শ্বহীদ তৰ্পণ,স্মৃতি তৰ্পণ আদি কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হয় মূল অনুষ্ঠানৰ মুকলি সভা।ৰাইজৰ দলৰ মহিলা বৃন্দই পৰিৱেশন কৰা এক সমৱেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভা উদ্বোধন কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি ৰঞ্জিত তামুলীয়ে।

অনুপ বৰগোঁহাইয়ে সভাপতিত্ব কৰা উক্ত সভাত বিশিষ্ট অতিথি ৰূপে ভাস্কো ডি শইকীয়া,কবিন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকা উপস্থিত থকাৰ বিপৰীতে আমন্ত্ৰিত অতিথিৰূপে ধৈৰ্য কোঁৱৰ,ৰাচেল হুছেইন,গিৰিশংকৰ গোস্বামী আদি উপস্থিত থাকে।

মুকলি সভাত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যবক্তাৰূপে উপস্থিত থাকি জাতীয়তাবাদৰ আপোচবিহীন যুঁজখনত অখিল গগৈ জেলত থকা অৱস্থাত সমৰ্থকে ৰাইজৰ দলৰ সভাপতিৰ দায়িত্ব প্ৰদান আৰু শিৱসাগৰ সমষ্টিৰ ৰাইজে বিধায়কৰূপে নিৰ্বাচন কৰাক লৈ ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয় যে কা' আন্দোলনৰ জটিল প্ৰেক্ষাপটত জন্ম হোৱা ৰাইজৰ দলৰ অসমৰ সকলোতকৈ নতুন ৰাজনৈতিক শক্তি। দলৰ প্ৰথম বৰ্ষ পূৰ্তিত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে বিজেপিৰ নীতিক সমালোচনা কৰে।তেওঁ কয় যে বৰ্তমান সময়ত সকলো আঞ্চলিক ৰাজনৈতিক শক্তিৰ বাবে মূল প্ৰত্যাহ্বান এই দলটো।

কিয়নো তেওঁলোকে সকলো সাংবিধানিক অধিকাৰ আৰু মূল্যবোধ নস্যাৎ কৰি এক স্বৈৰাচাৰী শাসন স্থাপন কৰিছে।যদি ২০২৪ চনত বিজেপি দল পুনৰ শাসনলৈ আহে তেন্তে ভাৰতক এখন হিন্দু ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰা হ'ব।এনে সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ লগতে বিজেপি দলে ৰাজ্যসমূহৰ অধিকাৰো কাঢ়ি লৈছে।যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ অৱসান কৰি একক ৰজাদিনীয়া শাসন স্থাপনৰ চেষ্টা কৰিছে বিজেপি দলে।সেয়েহে সময় থাকোতে সকলো আঞ্চলিক আৰু জাতীয়তাবাদী শক্তিক একত্ৰিত হ'লৈ তেওঁ আহবান জনায়। অখিল গগৈয়ে মাঘ বিহুৰ উৰুকাক লৈ ৰাজ্য চৰকাৰে কভিড নিয়ন্ত্ৰণৰ নামত কঠোৰ নিৰ্দেশ জাৰি কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in