শুই থকা মুখ্যমন্ত্ৰী সোণোৱালক জগাই দিলে ৰাহুল গান্ধীয়ে!

শুই থকা মুখ্যমন্ত্ৰী সোণোৱালক জগাই দিলে ৰাহুল গান্ধীয়ে!

ডিজিটেল ডেস্কঃ দিছপুৰত শুই থকা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জগাই দিলে ৰাহুল গান্ধীয়ে৷ এই দাবী আনৰ নহয়, খোদ কংগ্ৰেছৰ সভাপতিগৰাকীৰ৷ নিজেই তেওঁ সেই কথা টুইটাৰত লিখিছে৷ কংগ্ৰেছক দেখিহে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোনাল সাৰ পোৱা বুলি দাবী কৰিছে ৰাহুল গান্ধীয়ে৷

টুইটটোত ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলে অসমৰ মুখ্যমন্ত্ৰী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীক গভীৰ নিদ্ৰাৰ পৰা তুলি দিয়া বুলি দাবী কৰিছে৷ অৱশ্যে তেওঁ এতিয়াও প্ৰধানমন্ত্ৰী মোদী শুই আছে বুলি মন্তব্য কৰিছে৷ তেওঁকো অচিৰেই জগাই দিব বুলি আশা ব্যক্ত কৰিছে ৰাহুলে৷

এইটোৱে সেইটো বুধবাৰে দিয়া টুইট-

কংগ্ৰেছ সভাপতিগৰাকীয়ে তাৎপৰ্যপূৰ্ণ ভাৱে এই টুইটটো কৰিছে৷ মধ্যপ্ৰদেশত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ পাছত মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লৈছিল কমল নাথে৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে কমল নাথে ৰাজ্যখনৰ কৃষকসকলৰ কৃষি ঋণ মাফ কৰাৰ কথা ঘোষণা কৰিছিল৷

মুখ্যমন্ত্ৰীৰূপে কমল নাথৰ প্ৰথমটো ঘোষণাই দেশৰ ৰাজনীতি তোলপাৰ লগাইছিল৷ তাৰ পাছত সেই পথকে অনুসৰণ কৰি গুজৰাট আৰু অসমৰ বিজেপি মুখ্যমন্ত্ৰীদ্বয়ে কৃষকসকলৰ ঋণ ৰেহাই দিয়া সন্দৰ্ভত এলানি ঘোষণা কৰিছিল৷

কেবিনেটৰ সিদ্ধান্ত মৰ্মে অসমত ২৫ শতাংশ কৃষি ঋণ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল অসম চৰকাৰে৷ তাৰে প্ৰতিক্ৰিয়া স্বৰূপে ৰাহুলে এইদৰে টুইটাৰযোগে টিপ্পনী কৰিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in