ৰাহুল গান্ধী হিন্দু নহয়, হাইব্ৰীডঃ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত হেগড়ে

ৰাহুল গান্ধী হিন্দু নহয়, হাইব্ৰীডঃ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত হেগড়ে

ডিজিটেল ডেস্কঃ বিতৰ্কিত মন্তব্য কৰি প্ৰায়ে চৰ্চাত থকা কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ হেগড়েয়ে পুনৰ কৰিলে এক বিস্ফোৰক মন্তব্য। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক কটাক্ষ কৰি কয়- 'এজন মুছলমান পিতৃ আৰু বিদেশৰ ইছাই মাতৃৰ সন্তান কেনেকৈ ব্ৰাহ্মণ হ'ব পাৰে?'

কৰ্ণাটকৰ ভটকলত এখন সভাত কেন্দ্ৰীয় মন্ত্ৰী হেগড়েয়ে ৰাজীৱ গান্ধী আৰু ৰাহুল গান্ধীক 'গান্ধী' হয় নে নহয় তাক লৈ প্ৰশ্ন কৰে। কংগ্ৰেছে ভাৰতীয় বায়ু সেনাই বালাকোটত চলোৱা এয়াৰ ষ্ট্ৰাইকক লৈ প্ৰমাণ বিচৰাৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনেদৰে ৰাহুল গান্ধীক 'গান্ধী' হোৱাৰ প্ৰমাণ বিচাৰিলে।

অনন্ত হেগড়েয়ে কয়- 'তেওঁলোকক প্ৰমাণ বিচাৰিছে এয়াৰ ষ্ট্ৰাইকক লৈ। কিন্তু মুছলমানৰ পুত্ৰ কেনেকৈ ব্ৰাহ্মণ হ'ল, তাৰ প্ৰমাণ তেওঁলোকে দিবনে?' লগতে তেওঁ কয়- 'মই ধেমালি কৰা নাই। অন ৰেকৰ্ড কৈছো। যেতিয়া ৰাজীৱ গান্ধীৰ মৃত্যু হৈছিল, তেতিয়া চিনাক্তকৰণৰ বাবে ডি এন পৰীক্ষা কৰাৰ কথা কোৱা হৈছিল। সেই সময়ত ৰাহুল গান্ধীৰ ডি এন এ লোৱাৰ কথা উলাইছিল যদিও, ছোনিয়া গান্ধীয়ে তাত বাধা দিছিল। আৰু কৈছিল প্ৰিয়ংকা গান্ধীৰ ডি এন এ পৰীক্ষা কৰাৰ কথা। আপোনালোকে কি সঁচা সেয়া জানেই। আৰু তেওঁলোকে আমাৰ পৰাহে প্ৰমাণ বিচাৰে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in