নোলাবনে কোনোবা সুহৃদঃ ৰাহুলক অকণমান সহায়ৰ প্ৰয়োজন…

নোলাবনে কোনোবা সুহৃদঃ ৰাহুলক অকণমান সহায়ৰ প্ৰয়োজন…

ডিজিটেল ডেস্কঃ এজন সমাজপ্ৰিয় যুৱক, কৃতী ছাত্ৰ। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ২০০৯-১৩ বৰ্ষৰ প্ৰাক্তন ছাত্র তথা ২০১২-১৩ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল গগৈ। গুৱাহাটী বিশ্ববিদ্যালয়তো ৰাহুলৰ কাম-কাজ আৰু আচৰণে অতি কম সময়ৰ ভিতৰতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু নিয়তিৰ কি পৰিহাস! সমাজপ্ৰিয় এই কৃতি ছাত্ৰগৰাকী এতিয়া এটি জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে।

ইতিমধ্যে চিকিৎসকে সকলো যাৱতীয় চিকিৎসা কৰি আছে যদিও ৰাহুলৰ উন্নত চিকিৎসাৰ বাবে অহা ৪ ডিচেম্বৰৰ ভিতৰত চেন্নাইস্থিত গ্লো'বেল হস্পিতালত ভৰ্তি কৰাবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। উন্নত চিকিৎসাৰ বাবে অৰ্থনৈতিকভাৱে পিছপৰা ৰাহুলৰ পৰিয়ালক প্ৰয়োজন এতিয়া কেইবালাখ টকাৰ। পৰিয়ালৰ লোকে সেয়েহে যুৱকজনৰ চিকিৎসাৰ বাবে সুহৃদৰ সহায় বিচাৰিছে।

দুৰ্ভগীয়া এই পৰিয়ালটোৱে বিচাৰিছে সহায়ৰ ভিক্ষা। যুৱকজনক সহায় কৰিব বিচৰা লোকসকলৰ বাবে বেংকৰ সবিশেষ-

Bank Name SBI
Account number- 30816079073
IFSC code SBIN0010760
Account holder name- Rahul Gogoi
Google pay number 8876504573

নোলাবনে কোনোবা সুহৃদ, যি এই পৰিয়ালটোক এই বিপদৰ মুহূৰ্তত সহায় কৰিবলৈ ওলাই আহিব?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in