মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী মোডীক ‘উদ্যোগপতিৰ ৰক্ষক’ আখ্যা ৰাহুল গান্ধীৰ

মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী মোডীক ‘উদ্যোগপতিৰ ৰক্ষক’ আখ্যা ৰাহুল গান্ধীৰ

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ দাতিয়াত সোমবাৰে এক জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক প্ৰত্যক্ষ আক্ৰমণ কৰে। কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে মোদীক ভ্ৰষ্ট নেতা আখ্যা দিয়াৰ পিছতে এইবাৰ ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীক উদ্যোগপতিৰ ৰক্ষক বুলি অভিহিত কৰে।

দাতিয়াৰ জনসভাত অংশ লৈ কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে মোদীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে- মোদীয়ে কেতিয়াও শোষিত আৰু নাৰীৰ হকে চিন্তা নকৰে। তেওঁ কেৱল উদ্যোগপতি সকলকহে অগ্ৰাধিকাৰ দি আহিছে। মোদীৰ বাবে মেহুল, নীৰৱ, অনিল, ললিত তেওঁলোকহে ভাই। আনহাতে মোদীয়ে কেতিয়াবা কৃষক আৰু সাধাৰণ লোকক ভাই বুলি সম্বোধিত কৰিছেনে বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাহুল গান্ধীয়ে। তেওঁ দাবী কৰি কয় যে, কোট-টাই পৰিধান নকৰা কোনো লোককেই মোদীয়ে ভাই বুলি সম্বোধিত নকৰে।

ইফালে, মোদীৰ শ্ল'গান 'বেটী বচাও বেটী পঢ়াও'ক লৈও ৰাহুল গান্ধীয়ে মোদীক তীক্ষ্ন কটাক্ষ কৰা পৰিলক্ষিত হয়। তেওঁ লগতে কয় যে- মোদীৰ এই শ্ল'গান কংগ্ৰেছে ভাল পায়। কিন্তু এগৰাকী বিজেপি বিধায়কে যেতিয়া এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে বিধায়কজনৰ সুৰক্ষাৰ বাবে তৎপৰ হৈ পৰে, আনহাতে মোদীয়েও তেনে এজন বিধায়কক দলৰ পৰা বহিস্কাৰ কৰা বিপৰীতে ৰক্ষণাবেক্ষণহে দিয়ে। এনে কাৰ্যৰ পৰা বিজেপিৰ 'বেটী বচাও বেটী পঢ়াও' শ্ল'গানৰ বিপৰীতে বৰ্তমান বেটী বিজেপি বিধায়কৰ পৰা বচোৱা শ্ল'গানহে শুনিবলৈ পোৱা গৈছে বুলি কয় ৰাহুল গান্ধীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in