প্ৰতিগৰাকী নাগৰিকে নিজৰ জীৱন সুৰক্ষিত কৰাৰ সুযোগ পাব লাগেঃ ৰাহুল গান্ধী…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰ দেশৰ সকলো বয়সৰ নাগৰিকৰ বাবে কোভিড ভেকচিন উপলব্ধ কৰোৱাত অমান্তি হোৱাৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। টুইটাৰযোগে তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে টুইটাৰত লিখিছে- 'প্ৰতিগৰাকী নাগৰিকে নিজৰ জীৱন সুৰক্ষিত কৰাৰ অধিকাৰ আছে। সকলোকে নিজৰ জীৱন সুৰক্ষিত কৰাৰ সুযোগ দিব লাগে।'

উল্লেখ্য যে, কেৰালাৰ ৱাইনাডৰ সাংসদ ৰাহুল গান্ধীয়ে ইয়াৰ পূৰ্বে টুইটাৰ যোগে সকলোকে মাস্ক পৰিধান কৰিবলৈ আৰু কোভিড গাইডলাইন পালন কৰিবলৈ আহ্বান জনাইছিল। দেশত কোৰোনাৰ সংক্ৰমণ পুনৰ তীব্ৰগতিত বৃদ্ধি পোৱাৰ পাছত তেওঁ জনাইছিল এই আহ্বান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in