মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণৰ প্ৰাকক্ষণত উদ্ধৱ থাকৰেলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শুভেচ্ছামূলক পত্ৰ

মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণৰ প্ৰাকক্ষণত উদ্ধৱ থাকৰেলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শুভেচ্ছামূলক পত্ৰ
  • শপতগ্ৰহণৰ প্ৰাকক্ষণত মহাৰাষ্ট্ৰত গঠন হ'বলগীয়া কংগ্ৰেছ-শিৱসেনা-এনচিপিৰ উমৈহতীয়া চৰকাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিবলগা শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰেৰণ কৰিলে শুভেচ্ছামূলক পত্ৰ।
  • বৃহস্পতিবাৰৰ সন্ধিয়া ৬.৩০ বজাত অনুষ্ঠিত হ'বলগা শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰাকক্ষণত থাকৰেয়ে লাভ কৰা এই পত্ৰত ৰাহুল গান্ধীয়ে শুভেচ্ছা জনাই ভাবী মুখ্যমন্ত্ৰীগৰাকীক।
  • পত্ৰখনত বিজেপি দলৰ গণতন্ত্ৰ বিৰোধী ষড়যন্ত্ৰক পৰাভূত কৰি কংগ্ৰেছ-শিৱসেনা-এনচিপি একত্ৰিত হোৱাৰ বাবে নিজৰ আনন্দ প্ৰকাশ কৰে।
  • আনহাতে শপতগ্ৰহণ অনুষ্ঠানত নিজে উপস্থিত থাকিব নোৱাৰাৰ বাবে কংগ্ৰেছ নেতাগৰাকীয়ে খেদ প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in