মোডীৰ ১৫ লাখ টকীয়া নহয়, এইবাৰ ৰাহুলৰ ৭২ হাজাৰ টকীয়া প্ৰতিশ্ৰুতিঃ কংগ্ৰেছ শাসনলৈ আহিলেই ৰূপায়ন হ’ব নুন্যতম আয় গেৰেন্টী যোজনা

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ২০১৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ অপশাসন দূৰ কৰি দৰিদ্ৰতা নিৰ্মূলৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোডীয়ে। প্ৰতিজন দৰিদ্ৰ জনতাৰ বেংক একাউন্টত ১৫ লাখ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোডীয়ে। অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্য সামগ্ৰী, ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল। মোডীৰ এই প্ৰতিশ্ৰুতিবোৰে সঁচাই পৰিৱৰ্তনৰ ঢৌ নমাবলৈ সক্ষম হৈছে। দেশবাসীয়ে সদলবলে ওলাই আহি বিপুল ভোটেৰে জয়যুক্ত কৰাইছিল মোডী চৰকাৰক। আশা আছিল- প্ৰদান কৰা প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব মোডী নেতৃত্বাধীন চৰকাৰে।

কিন্তু যোৱা ৫ টা বছৰৰ বিজেপি চৰকাৰৰ কাৰ্যকালত সেই প্ৰতিশ্ৰুতিবোৰ প্ৰতিশ্ৰুতি হৈয়ে ৰৈ গ'ল। কাৰ্যকৰী মুঠেও নহ'ল। দৰিদ্ৰ জনতাই বেংক একাউন্ট খুলিলে, কিন্তু নোসোমাল ১৫ পইচাও চৰকাৰী ধন। বহু কৃষকে ঋণ বোজা সহিব নোৱাৰি আত্মহত্যা কৰিলে। এতিয়া পুনৰ নিৰ্বাচনৰ বতৰ। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, প্ৰতিশ্ৰুতি, নতুন ইস্তাহাৰেৰে পুনৰ এবাৰ ভোটাৰক মোহাম্বিত কৰিবলৈ নামি পৰিছে শাসক বিৰোধী। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীসহ বিজেপি নেতা-মন্ত্ৰী, কৰ্মীয়ে নামৰ আগত চকীদাৰ লিখি আৰম্ভ কৰিছে চকীদাৰী আন্দোলন।

পিছ পৰি ৰোৱা নাই দেশৰ অন্যতম বিৰোধী দল কংগ্ৰেছো। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পিছতে কংগ্ৰেছে আৰম্ভ কৰিছে নিৰ্বচনী প্ৰচাৰ। ৫ টা বছৰৰ বিজেপি চৰকাৰৰ ভুল বোৰ আঙুলিয়াই দি তাৰ সুযোগ লভিবলৈ চেষ্টা কৰিছে কংগ্ৰেছে। শেহতীয়াকৈ সোমবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কংগ্ৰেছ ৱৰ্কিং সমিতিৰ বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিশ্বৰ ভিতৰতে সকলোতৈ বৃহৎ নুন্যতম আয় গেৰেন্টী যোজনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু যদি কংগ্ৰেছ শাসনলৈ আহে তেন্তে দেশৰ দৰিদ্ৰ পৰিয়ালক বাৰ্ষিক ৭২ হাজাৰ টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

তেওঁ কয়, 'নৰেন্দ্ৰ মোডীৰ শাসন কালত দেশৰ দৰিদ্ৰ জনতা দৰিদ্ৰ হৈয়ে ৰৈ গ'ল। কিন্তু পুঁজিপতি সকল উপাৰ্জন বৃদ্ধি পালে। আমি এইবাৰ দেশৰ দৰিদ্ৰতা নিৰ্মূলৰ হকে কাম কৰিবলৈ সাজু। আমি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছো, তাক পূৰণ কৰি দেখুৱাম। যদি আপুনি কাম কৰি আছে, তেন্তে তাৰ মূল্য আপুনি পাবই লাগিব।'

ৰাহুল গান্ধীয়ে পুনৰ কয়, 'আমি ১২ হাজাৰ টকা মাহিলী উপাৰ্জন কৰা পৰিয়ালসকলৰ নুন্যতম আয় গেৰেন্টী দিম। কংগ্ৰেছে এই প্ৰতিশ্ৰুতি দৃঢ়তাৰে দিছে যে দেশৰ ২০ শতাংশ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক প্ৰত্যেক বছৰে ৭২ হাজাৰ টকা প্ৰদান কৰা হ'ব। তেওঁলোকৰ বেংক একাউন্টযোগে এই ধন প্ৰদান কৰা হ'ব।' এই যোজনা আবেগত ঘোষণা কৰা যোজনা নহয় বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ সন্মুখত ৰাহুল গান্ধীয়ে কয়, 'আমি এই যোজনা প্ৰস্তুত কৰাৰ পূৰ্বে দেশৰ কেইবাগৰাকীও বিশিষ্ট অৰ্থনীতিবিদৰ সৈতে আলোচনা কৰিছো আৰু তেওঁলোকৰ ৰায় সাপেক্ষে এই আঁচনি প্ৰস্তুত কৰিছো। আমাৰ বিশ্বাস আমি এই আঁচনি ৰূপায়ন কৰি দেখুৱাম। যদি আমাৰ চৰকাৰ গঠন হয়, তেন্তে দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু।'

'নৰেন্দ্ৰ মোডীয়ে প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতিয়ে সাধাৰণ দৰিদ্ৰ জনতাক কেতিয়াও ঢুকি নাপালে। বৰং দেশৰ পুঁজিপতি সকলৰহে লাভ হ'ল। মোডীয়ে যদি পুঁজিপতিক ধন দিব পাৰে, আমি দৰিদ্ৰ জনতাক কিয় দিব নোৱাৰিম? আমি উত্তৰ প্ৰদেশ, ছত্তীশগড়, কৰ্ণাটকত যি প্ৰতিশ্ৰুতি দিছিলো সেয়া পূৰণ কৰি দেখুৱাইছো। এইবাৰো আমি প্ৰতিশ্ৰুতি পূৰণ কৰি দেখুৱাম।'- সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in