৭০ বছৰে কষ্টোপাৰ্জিত গণতন্ত্ৰক বিজেপিয়ে ধ্বংস কৰিছে, একনায়ত্ববাদৰ উত্থান হৈছেঃ ৰাহুল গান্ধী…

৭০ বছৰে কষ্টোপাৰ্জিত গণতন্ত্ৰক বিজেপিয়ে ধ্বংস কৰিছে, একনায়ত্ববাদৰ উত্থান হৈছেঃ ৰাহুল গান্ধী…

ডিজিটেল ডেস্কঃ ৭০ টা বছৰৰ কষ্টোপাৰ্জিত গণতন্ত্ৰক ৮ বছৰত ধ্বংস কৰা হৈছে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। শুকুৰবাৰে দিল্লীত এক সংবাদ মেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে, দেশৰ গণতন্ত্ৰ উৎখাত কৰি এতিয়া একনায়কত্ববাদী শাসন চলোৱা হৈছে। প্ৰতিদিনেই দেশত হত্যা কৰা হৈছে গণতন্ত্ৰক। কেৱল সেয়াই নহয়, তেওঁ অভিযোগ কৰে যে, দেশৰ প্ৰতিটো উচ্চস্তৰীয় প্ৰিতিষ্ঠানতে বিজেপিৰ আদৰ্শৰ আধাৰ আৰ এছ এছৰ কৰ্মী সোমোৱাই ৰাখিছে বিজেপিয়ে।

দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক সংবাদ মেলত ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ অতি তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়- বিজেপিক সমালোচনা কৰা বিৰোধী নেতাসকলৰ বিৰুদ্ধে মোডী চৰকাৰে যি দৰে প্ৰতিটো স্বতন্ত্ৰ কেন্দ্ৰীয় সংস্থাক ব্যৱহাৰ কৰি আহিছে তাত ভাৰত বৰ্ষই একনায়কত্বহাদৰ আৰম্ভণি লক্ষ্য কৰিছে। চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মত প্ৰকাশ কৰা প্ৰতিজন ব্যক্তিক ষড়যন্ত্ৰমূলক ভাৱে আক্ৰমণ কৰা হৈছে আৰু কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে।

গান্ধীয়ে কয়- যোৱা ৭ টা দশকত আমি তৰপে তৰপে যি পৰিকাঠোমো সৃষ্টি কৰিছো সেইবোৰ মাত্ৰ ৫ বছৰত ধ্বংস কৰা হৈছে। আজি আমি ভাৰতীয় গণতন্ত্ৰ ক্ৰমশঃ মৃত্যুৰ দিশে গতি কৰা দেখিবলৈ পাইছো। দেশৰ জনসাধাৰণৰ সমস্যাক অৱহেলা কৰাটোৱেই হৈছে এই চৰকাৰৰ একমাত্ৰ কাৰ্যসূচী।

দেশত মুঠ ৪ জন লোকে এতিয়া গণতন্ত্ৰক উৎখাত কৰি একনায়কত্ববাদী শাসন চলাইছে বুলি অভিযোগ কৰে। তেওঁ কয় যে- আমি মুদ্ৰাস্ফীতি আৰু মানুহৰ মাজত সৃষ্টি কৰা বিভাজনৰ বিষয়ে কথা পাতিব বিচাৰো। কিন্তু আমাক সংসদ ভৱনত কথা ক'বলৈ অনুমতি দিয়া নহয়। যিয়ে চৰকাৰৰ বিৰোধিতা কৰে, তেওঁকেই গ্ৰেপ্তাৰ কৰা হয়। এয়াই আজি ভাৰতবৰ্ষৰ অৱস্থা।

ইফালে দেশৰ সকলো শীৰ্ষ প্ৰতিষ্ঠানতে আৰ এছ এছৰ সদস্য সোমোৱাই ৰখা হৈছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় দেশৰ সংবাদ মাধ্যমৰ পৰা নিৰ্বাচনী আয়োগলৈ প্ৰতিটো বিভাগতে আছে আৰ এছ এছৰ কৰ্মী। এই কৰ্মীসকলেই এইসমূহ নিয়ন্ত্ৰণ কৰে।

কংগ্ৰেছ চৰকাৰৰ সময়ত এই সংস্থাসমূহ স্বতন্ত্ৰ আছিল বুলি উল্লেখ কৰি গান্ধীয়ে কয় যে, কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত এই সংস্থাসমূহ নিৰপেক্ষ আছিল। চৰকাৰে এই সংস্থাসমূহত হস্তক্ষেপ কৰা নাছিল। কিন্তু বৰ্তমানৰ চৰকাৰে প্ৰতিবাদী কণ্ঠসমূহক দমন কৰাৰ বাবে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in