প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ ৰাহুল গান্ধীৰ…

প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ ৰাহুল গান্ধীৰ…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে। ৰাজস্থানৰ জয়পুৰত কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে এক নিৰ্বাচনী সভাত অংশ লয়। উপস্থিত থকা সমৰ্থকসকলক ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰে যে- 'আপোনালোকে কেতিয়াবা দেশৰ কৃষক, শ্ৰমিক বা নিবনুৱাসকলৰ বাসগৃহৰ বাহিৰত কোনো এজন চকীদাৰ থকা দেখিছেনে?'

প্রধানমন্ত্ৰী মোডীক তীব্ৰ কটাক্ষ কৰি ৰাহুল গান্ধীয়ে সভাত কয়- 'আপোনালোকে কেতিয়াবা কৃষক, শ্ৰমিক বা নিবনুৱাসকলৰ বাসগৃহৰ বাহিৰত চকীদাৰ থকা দেখিছে? অনিল আম্বানীৰ বাসভৱনৰ সন্মুখত কেইজন চকীদাৰ আছে? তাত চকীদাৰৰ এটা দীঘলীয়া শাৰী আছে, আৰু সেই শাৰীৰ একেবাৰে আগত থিয় হৈ আছে মোডীজী।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in