বিহাৰত প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ…

বিহাৰত প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ…

ডিজিটেল ডেস্কঃ দেশত শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। নিৰ্বাচনত নিজৰ নিজৰ দলৰ প্ৰাৰ্থীক অধিক ভোটৰ হাৰত জয়ী কৰাৰ লক্ষ্যৰে শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্বই ভীষণ ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। শনিবাৰে বিহাৰত এক নিৰ্বাচনী সভাত অংশ লয় কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।

সভাখন ৰাহুল গান্ধীয়ে কয়- 'দেশৰ বিভিন্ন প্ৰান্তত বিহাৰৰ যুৱ-প্ৰজন্মই বেংক, চৰকাৰী কাৰ্যালয়ৰ সন্মুখত চকীদাৰ হিচাপে কৰ্মৰত। কিন্তু বিহাৰৰ পৰা গৈ চকীদাৰ হিচাপে কাম কৰা লোকসকলে সততা আৰু নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি আছে। যদি কোনোবা এটা বেংকৰ বাহিৰত বিহাৰৰ কোনো লোক চকীদাৰ হিচাপে কৰ্মৰত আছে, তেন্তে সেই বেংকত কেতিয়াও চুৰিকাণ্ড সংঘটিত হ'ব নোৱাৰে।'

লগতে তেওঁ প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কয়- 'কিন্তু এইজন ব্যক্তিয়ে নিজকে দেশৰ চকীদাৰ বুলি কয়। কিন্তু প্ৰকৃতাৰ্থত তেওঁ অনিল আম্বানীৰহে চকীদাৰ। বিহাৰৰ যুৱপ্ৰজন্মই সমগ্ৰ দেশত চকীদাৰ হিচাপে কৰ্মৰত। সম্পূৰ্ণ নিষ্ঠা, সততাৰে ধুমুহা-বৰষুণতো নিজৰ কাম কৰি যায়। কিন্তু তেওঁলোকৰ বদনাম এইজন চকীদাৰেই কৰিছে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in