‘আইচক্ৰীম খাবা নেকি’ বুলি সুধি বিজেপিৰ ৰোষত ৰাহুল গান্ধী

‘আইচক্ৰীম খাবা নেকি’ বুলি সুধি বিজেপিৰ ৰোষত ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ 'কমল, আইচক্ৰীম বৰ বঢ়িয়া। তুমিও খোৱা।' -মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত এখন আইচক্ৰীম দোকানৰ সন্মুখত ৰৈ আইচক্ৰিমৰ কাপটোৰ পৰা এচামুছ আইচক্ৰীম মুখত দি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে তৃপ্তিত চকুকেইটা মুদি দিলে। সন্মুখত মধ্যপ্ৰদেশৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথ আৰু জ্যোতিৰাদিত্য সিন্ধিয়া।

বয়সত কমল নাথ ৰাহুল গান্ধীতকৈ বহু ডাঙৰ। তথাপি দলৰ ভিতৰত ৰাহুল গান্ধী কমল নাথতকৈ জ্যেষ্ঠ হোৱা বাবেই নেকি ৰাহুল গান্ধীয়ে তেওঁক নাম ধৰিয়েই মাতে। অৱশ্যে এনে কাৰ্যত কমল নাথেও কেতিয়াও বেয়া পোৱা নাই। ৰাজীৱ গান্ধীৰ সতে এসময়ত একেলগে ৰাজনীতি খেলা কমল নাথক আচলতে খুৰা, দাদা আদি বুলিলেহে তেওঁৰ বেয়া লাগে। নিজকে কিবা বুঢ়া বুঢ়া যেন লাগে। সেয়ে তেওঁৰ পুত্ৰসম ৰাহুলে তেওঁক 'কমল, আইচক্ৰীম খোৱা' বুলি কোৱাটো তেওঁৰ বাবে কোনো ইছ্যু নহয়।

কিন্তু বিজেপিৰ বাবে এইসময়ত ই এটা বিৰাট ডাঙৰ অপৰাধ। যিটো কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে খোদ কৰিছে। কিয়নো মধ্যপ্ৰদেশত এতিয়া বলিছে নিৰ্বাচনী বতাহ। সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ তুমুল ৰণ হোৱাটো নিশ্চিত। তেনে এক সময়তে যেতিয়া ৰাহুল গান্ধীয়ে নিজৰ পিতৃ বয়সৰ নেতাজনক কেৱল নাম ধৰি সম্বোধন কৰিছে, ই এটা ডাঙৰ ইছ্যু হৈ পৰাটো স্বাভাৱিক।

আচলতে মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ইন্দোৰৰ এক নিৰ্বাচনী সভাত অংশ লৈছিল ৰাহুল গান্ধীয়ে। বুধবাৰে অনুষ্ঠিত নিৰ্বাচনী সভাখনৰ মাজতে দুপৰীয়া এখন্তকেৰ বাবে কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে জ্যেষ্ঠ নেতা কমল নাথ আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে ইন্দোৰৰ চহৰৰ '৫৬ দোকান' নামৰ আইচক্ৰীম দোকানখনত উপস্থিত হয়। গৰম আৰু ভাগৰৰ পৰা নিষ্ঠাৰ পাবলৈ ৰাহুলে আইচক্ৰীম মুখত দি সেয়া খাবলৈ অস্বীকাৰ কৰা কমল নাথক দেখুৱাই ধেমেলীয়াভাৱে কৈ উঠে – 'কমল, আইচক্ৰীম বৰ বঢ়িয়া। তুমিও খোৱা। খুৱ সোৱাদ।'

ইয়াৰ পিছতে ৰাহুল গান্ধী আৰু কমল নাথৰ বাৰ্তালাপ কাণত পৰে মধ্যপ্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। ইতিমধ্যে মধ্যপ্ৰদেশত কংগ্ৰেছে ভালকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে আগন্তক নিৰ্বাচনৰ জয়-পৰাজয়ক লৈ শংকিত হৈ পৰিছিল শিৱৰাজ সিং চৌহান। তেনে এক সময়তে তেওঁৰ কাণত ৰাহুল গান্ধীৰ এই বক্তব্য পৰাত সুযোগ বুজি তেওঁ কংগ্ৰেছক আক্ৰমণ কৰে।

শিৱৰাজ সিং চৌহানে ৰাহুল গান্ধীক অসভ্য আখ্যা দি জ্যেষ্ঠজনক সন্মান কৰিব নাজানে বুলি আক্ৰমণ কৰে। তেওঁ কয় যে কমলনাথে ৰাহুল গান্ধীৰ পিতৃৰ সৈতে একেলগে ৰাজনীতি কৰিছিল। তেনে এজন ব্যক্তিক কেৱল নাম ধৰি সম্বোধন কৰি আৰু 'তুমি' বুলি সম্বোধন কৰাটো আচলতে ৰাহুল গান্ধীৰ অজ্ঞতাৰ পৰিচয়। যিজন লোকে জ্যেষ্ঠ জনক সন্মান কৰিব নাজানে, তেওঁ কিদৰে দেশৰ নেতা হ'ব পাৰে বুলিও তীক্ষ্ন কটাক্ষ কৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ৰাহুল গান্ধী কিম্বা কমল নাথে। উল্লেখ্য যে, কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কিছুদিন পূৰ্বে পানামা পেপাৰ কেলেংকাৰীত শিৱৰাজ সিং চৌহানৰ পুত্ৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছতে শিৱৰাজ সিঙ চৌহানেও ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in