সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ সময়ত ম’বাইলত ব্যস্ত ৰাহুল গান্ধী!

সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ সময়ত ম’বাইলত ব্যস্ত ৰাহুল গান্ধী!

ডিজিটেল ডেস্কঃবৃহস্পতিবাৰে সংসদত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাষণ দি থকা সময়ত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী ব্যস্ত আছিল ম'বাইল ফোনত। ৰাষ্ট্ৰপতিৰ ভাষণৰ সময়চোৱাত ইউপিএৰ শ্বেয়াৰপাৰ্ছন আৰু কংগ্ৰেছ নেতা আনন্দ শৰ্মাই কথা পাতি থকাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আনন্দ শৰ্মাক যেতিয়া এইসন্দৰ্ভত প্ৰশ্ন কৰা হয়, তেতিয়া তেওঁ কয়- 'ৰাহুল গান্ধীয়ে কথা পতা নাছিল। তেওঁৰাষ্ট্ৰপতিয়ে ভাষণ প্ৰসংগত কোৱা কেইটামান কঠিন হিন্দী শব্দৰ অৰ্থহে সুধিছিল, যিতেওঁ ভালকৈ শুনা নাপালে।'

ইফালে, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং আৰু বাহুলসুপ্ৰিয়াসহ কেইবাগৰাকীও সাংসদে ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণ দি থকা সময়ত কংগ্ৰেছঅধ্যক্ষ ৰাহুল গান্ধীয়ে ম'বাইল চাই থকা ফটো পৰিলক্ষিত কৰাৰ পাছত এই ঘটনাক অতিদুৰ্ভাগ্যজনক আখ্যা দিয়ে।

আনহাতে, এই ঘটনা সন্দৰ্ভত বাবুল সুপ্ৰিয়াই দাবী কৰি কয় যে- কংগ্ৰেছ অধ্যক্ষগৰাকীৰ এই কাৰ্যৰ দ্বাৰাই প্ৰমাণ হয় যে তেওঁ ৰাষ্ট্ৰপতিৰ ভাষণত মনযোগ দিয়া নাছিল। নেতাগৰাকীয়ে লগতে এই ঘটনাক দুৰ্ভাগ্যজনক বুলি কয়। ইফালে, কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে ৰাহুল গান্ধীৰ সন্দৰ্ভত কয়- 'বৈঠকত উপস্থিত থকা প্ৰতিজন লোকে ৰাষ্ট্ৰপতিগৰাকীৰ কথা মনযোগ দি শুনিব লাগে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in