মণিপুৰৰ ভাষা, সংস্কৃতি আৰু ইতিহাস ৰক্ষা কৰিব কংগ্ৰেছে- ৰাহুল

মণিপুৰৰ ভাষা, সংস্কৃতি আৰু ইতিহাস ৰক্ষা কৰিব কংগ্ৰেছে- ৰাহুল

ডিজিটেল ডেস্ক: মণিপুৰৰ ভাষা, সংস্কৃতি আৰু ইতিহাস ৰক্ষা কৰিব কংগ্ৰেছে- এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। সোমবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মণিপুৰত উপস্থিত হৈ এই মন্তব্য কৰে নেতা গৰাকীয়ে ।

মণিপুৰৰ ইম্ফলত এক নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি গান্ধীয়ে কয় যে "আমাৰ দেশক দুটা ধৰণে সংজ্ঞা দিব পাৰি। এটা হৈছে ৰাজ্য সংঘ, য'ত প্ৰতিখন ৰাজ্যৰ সমান অধিকাৰ আছে, প্ৰতিখন ৰাজ্য সমান। ভাৰতৰ ক্ষেত্ৰত আমি এই দৃষ্টিভংগীত বিশ্বাস ৰাখো।

তেওঁ কয় যে "বিজেপিৰ বিচাৰধাৰা হ'ল এক ভাষা, এক সংস্কৃতি আৰু তেওঁলোকে ভাৱে এয়াই শ্ৰেষ্ঠ।  বিজেপি যেতিয়া ইয়ালৈ আহে তেতিয়া এনে ভাৱধাৰাত সৈতে আহে কিন্তু মই যেতিয়া আহো শ্ৰেষ্ঠতা নহয়, মানৱতাৰ ভাৱনা লৈ আহো"।

গান্ধীয়ে কয় যে কংগ্ৰেছ শাসনলৈ আহিলে মধ্য আৰু নিম্ন শ্ৰেণীৰ উদ্যোগক পূৰ্ণজীৱিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। উত্তৰ প্ৰদেশ মণিপুৰতকৈ বহু ডাঙৰ কিন্তু আমাৰ বাবে মণিপুৰ আৰু উত্তৰ প্ৰদেশ সমান।আমি উত্তৰ প্ৰদেশ আৰু মণিপুৰৰ ভাষা, সংস্কৃতি,বিবিধতা ৰক্ষা কৰিম।বিজেপিয়ে যিকোনো কথায়েই ক'ব পাৰে কিন্তু কংগ্ৰেছে মণিপুৰৰ ইতিহাস,সংস্কৃতি আৰু ভাষা ৰক্ষা কৰিব।

উল্লেখ্য যে, মণিপুৰৰ বিধানসভা নিৰ্বাচন সমাগত।এই সময় চোৱাত প্ৰতিটো ৰাজনৈতিৰ দলে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ।আজি এই নিৰ্বাচনী প্ৰচাৰৰ বাবেই আহে ৰাহুল গান্ধী।                                                                       

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in