ৰাজ্যপালৰ নিমন্ত্ৰণ স্বীকাৰ! বিৰোধী দল লৈ জম্মু-কাশ্মীৰ আৰু লাডাখলৈ যাবলৈ সাজু ৰাহুল গান্ধী

ৰাজ্যপালৰ নিমন্ত্ৰণ স্বীকাৰ! বিৰোধী দল লৈ জম্মু-কাশ্মীৰ আৰু লাডাখলৈ যাবলৈ সাজু ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বিলুপ্তিয়ে ৰাজ্যখনৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ বিৰোধিতাত কংগ্ৰেছ তথা একাংশ বিৰোধী দল সৰৱ হৈ থকাৰ সময়তে ৰাজ্যপাল সত্যপাল মালিকে ৰাহুল গান্ধীক কাশ্মীৰ ভ্ৰমণৰ বাবে জনোৱা আমন্ত্ৰণ স্বীকাৰ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। ৰাজ্যপালৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁ জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব বুলি এক টুইটযোগে সদৰী কৰিছে।

জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই ৰাজ্যখনৰ সাধাৰণ নাগৰিকৰ মাজত অসন্তুষ্টি বৃদ্ধি কৰা বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। লগতে তেওঁ জম্মু-কাশ্মীৰত হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পোৱাৰো আশংকা কৰিছিল। যাৰ প্ৰত্যুত্তৰ দি ৰাজ্যপাল সত্যপাল মালিকে দাবী কৰে যে জম্মু-কাশ্মীৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ভিতৰত আছে আৰু শান্তিপূৰ্ণ অৱস্থাত আছে। যদি ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল'বলৈ ৰাহুল গান্ধীয়ে আহিব বিচাৰে, তেন্তে তেওঁৰ বাবে হেলিকপ্টাৰৰ ব্যৱস্থা কৰিবলৈও সাজু বুলি মন্তব্য কৰিছিল ৰাজ্যপালে।

ইফালে ৰাজ্যপালৰ এই আমন্ত্ৰণৰ পিছত মঙলাবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে টুইটযোগে কয়, 'ৰাজ্যপাল মহোদয়, মই আৰু বিৰোধী নেতাৰ এটা দলে আপোনাৰ অনুৰোধমৰ্মে জম্মু-কাশ্মীৰ আৰু লাডাখলৈ যাম। আমাক কোনো হেলিকপ্টাৰৰ প্ৰয়োজন নাই। কিন্তু যাতে আমি স্বাধীনভাৱে যাত্ৰা কৰিব পাৰো আৰু ৰাজ্যখনৰ নেতাসকলৰ লগতে স্থানীয় নাগৰিক আৰু কৰ্তব্যৰত সেনাসকলক সাক্ষাৎ কৰিব পাৰো, সেয়া সুনিশ্চিত কৰিব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in