পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন…

পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন…

ডিজিটেল ডেস্কঃ খেলপথাৰত এইবাৰ উজ্বলি উঠিছে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড়। দুটাকৈ দ্বি-শতকেৰে খেলপথাৰত প্ৰতিভাৰ উমান দিছে ৰাহুল দ্ৰাবিড়ৰ পু্ত্ৰই। ১৪ বছৰ অনুৰ্ধৰ বিটিআৰ চিল্ক গ্ৰুপ ১, দিভিজন ২ ৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে বাংগালুৰুত। এই প্ৰতিযোগিতাত ৰাহুলৰ পুত্ৰ সমিতে মালায়া অডিতি ইন্টাৰনেশ্যনেল বিদ্যালয়ৰ হৈ অংশ লৈ ১১৪ টা বলতে দ্বি-শতক অৰ্জন কৰি চমক দেখুৱাইছে।

২১১ ৰান কৰি নট আউত হৈ থকা সমিতৰ এই ইনিংছত আছিল ২৬ টা ৪ আৰু এটা ৬। ইয়াৰ পূৰ্বে ২০১৯ চনৰ ২০ ডিচেম্বৰত জৰ্ণেল টুৰ্ণামেন্টত ভাইচ প্ৰেছিডেন্ট একাদশৰ হৈ ২০১ ৰান সংগ্ৰহ কৰিছিল ৰাহুল দ্ৰাবিড়ৰ পুত্ৰই। কেৱল বেটতে নহয়, এজন ভাল ব'লাৰ হিচাপেও পুত্ৰক গঢ়ি তুলিছে ৰাহুল দ্ৰাবিড়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in