ভাৰতীয় ক্ৰিকেট দলৰ ‘দ্য ৱাল’ ৰাহুল দ্ৰাবিড়ৰ ৪৭সংখ্যক জন্মদিনত বিভিন্নজনে জনালে শুভেচ্ছা…

ভাৰতীয় ক্ৰিকেট দলৰ ‘দ্য ৱাল’ ৰাহুল দ্ৰাবিড়ৰ ৪৭সংখ্যক জন্মদিনত বিভিন্নজনে জনালে শুভেচ্ছা…

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু এসময়ৰ আটাইতকৈ বিশ্বাসী খেলুৱৈ ৰাহুল দ্ৰাবিড়ৰ শনিবাৰে ৪৭ সংখ্যক জন্মদিন। ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেল আৰম্ভ কৰাৰ পৰাই এই দিগ্বজ খেলুৱৈগৰাকীয়ে দলটোক সংকটৰ পৰা বাহিৰলৈ ওলাই আনি জয়ী সাব্যস্ত কৰিছিল। যাৰ বাবে ক্ৰিকেটপ্ৰেমীসকলৰ হৃদয় তেওঁৰ স্থান সুকীয়া।

১৬ বছৰৰ ক্ৰিকেট কেৰিয়াৰত তেওঁ বহু কেইখন খেলত ভাৰতক জয়ী কৰাত বিশেষ ভূমিকা প্ৰদান কৰিছে। অতি অনুশাসনমূলক বেটিং কৰা দ্ৰাবিড় 'দ্য ৱাল' অৰ্থাৎ দেৱাল ৰূপে পৰিচিত। আজি সেই দিগ্বজ খেলুৱৈগৰাকীৰেই ৪৭ সংখ্যক জন্মদিন।

তেওঁৰ জন্মদিনৰ দিনটোত ছ'চিয়েল মিডিয়াত তেওঁৰ অনুৰাগীসকলৰ লগতে তেওঁৰ একালৰ খেলুৱৈ তথা বন্ধুসকলেও শুভেচ্ছা জ্ঞাপন কৰিছে। এসময়ত টেষ্ট ক্ৰিকেট মেচত দ্ৰাবিড়ৰ সৈতে একেলগে ক্ৰীজত দেখিবলৈ পোৱা ভিভিএছ লক্ষ্মণে নিজৰ বন্ধুজনক শুভেচ্ছা দি ছ'চিয়েল মিডিয়াত লিখে- 'মৰমৰ বন্ধু ৰাহুল দ্ৰাবিড়লৈ জন্মদিনৰ শুভেচ্ছা। তেওঁৰ এই জন্মদিনটো বিশেষ দিন হিচাপে পৰিগণিত হওঁক…।'

ইফালে, ভাৰতীয় ক্ৰিকেট দলৰ অৱসৰপ্ৰাপ্ত বেটছমেন বীৰেন্দ্ৰ শ্বেহৱাগেও ৰাহুল দ্ৰাবিড়ক জনালে জন্মদিনৰ শুভেচ্ছা। তেওঁ চাৰিখন ফটো আপলোড কৰি টুইটাৰত লিখে- 'এসময়ত মই ভাবিছিছিলো খুন্দন কেৱল ৰান্ধনীশালত বা মিক্সাৰ গ্ৰাইণ্ডাৰতেই কৰা হয়। কিন্তু দ্ৰাবিড়ে মোক শিকালে যে খুন্দন ক্ৰীজতো কৰিব পাৰি…'

এনেদৰেই বিভিন্নজনে ভাৰতীয় ক্ৰিকেট দলৰ এই দিগ্বজ খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। বিচিচিআই আৰু আইচিচিয়েও তেওঁৰ এই জন্মদিনটোত শুভেচ্ছা জ্ঞাপন কৰে ছ'চিয়েল মিডিয়াত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in