জনতাৰ হৃদয় জিনিবলৈ ৰাহুল গান্ধীৰ নতুন কৌশল

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ২০১৯ৰ নিৰ্বাচনৰ বাবে ককাঁলত টঙালি বান্ধিছে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে। ৰোড শ্ব'ৰ পৰা আৰম্ভ কৰি বিভিন্ন সভা-সমিতি সম্বোধন কৰাত খুবেই ব্যস্ত সভাপতিগৰাকী।

অহা ১৮ আগষ্টত ৰাহুল গান্ধীয়ে ১৫০০ জন অধ্যাপকৰ সৈতে ৰাজধানী দিল্লীৰ চিভিক চেন্টাৰত এক বৈঠকত মিলিত হ'ব। ইয়াৰ পূৰ্বে ১৬ আগষ্টত অনুষ্ঠিত হ'বলগীয়া বিৰোধী দলসমূহৰ এক সভাতো ভাগ ল'ব কংগ্ৰেছৰ যুৱৰাজগৰাকীয়ে। এই সভাত বিৰোধী দলসমূহৰ বহু কেইজন নেতা উপস্থিত থকাৰ সম্ভাৱনা আছে।

দেশৰ সভা শেষ কৰি ২৫ আগষ্টত ৰাহুল পাবগৈ লণ্ডন। লণ্ডনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ এখন সভাত ভাগ ল'ব সভাপতিগৰাকীয়ে। এনেদৰেই এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে যথেষ্ট ব্যস্ত হৈ পৰিছে ৰাহুল। ব্যস্ততাৰ লগতে নেতাগৰাকীক পূৰ্বৰ তুলনাত অধিক আক্ৰমণাত্মক হৈ পৰাও দেখা গৈছে।

উল্লেখ্য যে, ইয়াৰ আগতেও ৰাহুলে আমেৰিকা আৰু ছিংগাপুৰত কেইবাখনো সভাত অংশগ্ৰহণ কৰি  প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰিছিল নেতাজনে। শেহতীয়াকৈ সভা-সমিতিসমূহত পূৰ্বতকৈও অধিক সময় ব্যয় কৰি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপকৰ পৰা আৰম্ভ কৰি ভিন্ন লোকৰ সৈতে মিলিত হোৱাত ব্যস্ত হৈ পৰিছে।

দেশবাসীয়ে ৰাজনৈতিক দল তথা চৰকাৰৰ পৰা কি বিচাৰে সেয়া ভালদৰে অনুধাৱন কৰিবলৈকে কংগ্ৰেছ সভাপতিগৰাকীয়ে এইদৰে ৰাইজৰ অধিক কাষ চাপি যাবলৈ চেষ্টা চলোৱা বুলিও দলীয় সূত্ৰই সদৰী কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in