মোৰ পুত্ৰৰ হত্যাকাৰীক এনকাউন্টাৰ কৰিবলৈ সুযোগ দিয়কঃ চিকিৎসক ৰাহুল বসুমতাৰীৰ পিতৃৰ দাবী…

মোৰ পুত্ৰৰ হত্যাকাৰীক এনকাউন্টাৰ কৰিবলৈ সুযোগ দিয়কঃ চিকিৎসক ৰাহুল বসুমতাৰীৰ পিতৃৰ দাবী…

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত ৪ ছেপ্টেম্বৰত যোৰহাট চহৰৰ মাজমজিয়াত ওদালগুৰিৰ এগৰাকী কণিষ্ঠ চিকিৎসকক হত্যাৰ প্ৰতিক্ৰিয়া আজিও ওদালগুৰিত অব্যাহত আছে। প্ৰয়াত চিকিৎসকজনে স্কূলীয়া শিক্ষা লাভ কৰা ওদালগুৰিৰ ডায়মণ্ড ইংলিছ স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে আজি এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে।

চিকিৎসকগৰাকীৰ হত্যাত জৰিত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে বিদ্যালয় চৌহদৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই হাতে-হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে ৰাহুলৰ হত্যাকাৰীক ফাঁচী দিয়ক, ৰাহুল হত্যাৰ ন্যায় লাগে, ন্যায় অৱিহনে ক্ষান্ত নহও, ন' জাষ্টিছ ন' ৰেষ্ট, উই ৱাণ্ট জাষ্টিচ ইত্যাদি শ্লোগানেৰে সমদলটি উত্তাল কৰি তোলে।

সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদান কৰি প্ৰতিবাদী শিক্ষাৰ্থীসকলে কয় যে এগৰাকী চিকিৎসকক অসমখনৰ ভিতৰত এনে নিৰ্মমভাৱে হত্যা কৰা ঘটনাক আমি সহজভাৱে মানিব পৰা নাই। এই ঘটনাৰ পাছতে যোৰহাট আৰক্ষীয়ে দিগন্ত তাতীঁ নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। লোকজনে চিকিৎসকগৰাকীক হত্যাৰ কথাও স্বীকাৰ কৰিছে যদিও হত্যাকাণ্ডৰ মূল কাৰণ এতিয়াও পোহৰলৈ অহা নাই।

এই হত্যাকাণ্ড মাত্ৰ এজন লোকৰ দ্বাৰা সংঘটিত নোহোৱা বুলি শিক্ষাৰ্থীসকলে দাবী কৰি ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰি ক্ষীপ্ৰতাৰে তদন্তৰ দাবী উত্থাপন কৰে। বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰা কভিড১৯ৰ চিকিৎসাত নিয়োজিত হৈ থকাৰ সময়তে এগৰাকী চিকিৎসকক এনেদৰে কৰা হত্যাকাণ্ডৰ তদন্তৰ বাবে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰো হস্তক্ষেপ বিচাৰে শিক্ষাৰ্থীসকলে।

ইফালে প্ৰতিবাদী সমদলত উপস্থিত থাকি প্ৰয়াত চিকিৎসক ৰাহুল বসুমতাৰীৰ পিতৃ চিআৰপিএফত কৰ্মৰত নগেন্দ্ৰ বসুমতাৰীয়ে আক্ষেপৰ সৈতে নিজ পুত্ৰৰ হত্যাকাৰীক হয়টো চৰকাৰে ফাচী দিয়ক অথবা নিজ ঘৰৰ সন্মুখতে পিতৃগৰাকীৰ দ্বাৰা এনকাউণ্টাৰ কৰিবলৈ দিয়ক বুলিও প্ৰকাশ কৰে। প্ৰায় আঢ়ৈ শতাধিক শিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত এই সমদলটি ওদালগুৰি চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি পুনৰ ডাইমণ্ড ইংলিচ স্কুলত সামৰণী পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in