শেহতীয়া খবৰ
আজি উত্তৰ প্ৰদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  •  আজি ঘোষণা ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন

মোদীক ভ্ৰষ্ট নেতা আখ্যাৰে মোদীৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত দাবী ৰাহুল গান্ধীৰ

72

ডিজিটেল ডেস্কঃ ৰাফেল চুক্তিক লৈ বৃহস্পতিবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দিল্লীত এখন সংবাদমেল আয়োজন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷

সংবাদ মেলত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী ভ্ৰষ্ট নেতা আখ্যা দি তেওঁ কেৱল অনিল আম্বানীৰ হৈ কাম কৰি থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ লগতে তেওঁ কয় যে যদি দুৰ্নীতিকাৰীৰ বিৰুদ্ধে তদন্ত কৰা হয় তেন্তে এই তদন্তৰ পৰা প্ৰধানমন্ত্ৰীৰ নামো বাদ পৰা অনুচিত৷

ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰ সন্মুখত দাবী উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্নীতিৰ কথা আন্তঃৰাষ্ট্ৰীয় ফ্ৰান্স বায়ু সেনা সংস্থা ডজাল্ট এবিয়েছনেও স্বীকাৰ কৰিছে৷ আনফালে, কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে নৰেন্দ্ৰ মোদীয়ে অনিল আম্বানীক ৩০ হাজাৰ কোটি টকাৰ ঋণ ৰেহাই দিয়া বুলিও অভিযোগ কৰে৷

সংবাদ মেলত ৰাহুল গান্ধীয়ে সুৰক্ষা মন্ত্ৰী নিৰ্মলা চিদাম্বৰমৰ ফ্ৰান্স ভ্ৰমণক লৈও মন্তব্য কৰে৷ তেওঁ কয় যে নিৰ্মলা চিদাম্বৰমৰ ফ্ৰান্স ভ্ৰমণ কোনো দেশ বিষয়ক কাৰণত হোৱা নাই৷ তেওণ ব্যক্তিগত স্বাৰ্থতহে এই ভ্ৰমণ কৰিছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি