ৰহাৰ শিলভেটা গাওঁক কন্টেইমেন্ট জ’ন ঘোষণা প্ৰশাসনৰ…

ৰহাৰ শিলভেটা গাওঁক কন্টেইমেন্ট জ’ন ঘোষণা প্ৰশাসনৰ…

ডিজিটেল সংবাদ,ৰহা : ৰহাৰ চহৰী মৌজাৰ হাটবৰ পঞ্চায়ত ৰ শিলভেটা গাওঁ খনক জিলা উপায়ুক্তই কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে ।গাওখনৰ তিনি শিশু সহ ২৬ জনৰ শৰীৰত এন্টিজেন টেষ্টত কোভিড ওলাই ।

ৰহাত কালিলৈকে ১৩০ জনৰ কোভিডৰ পজিটিভ তালিকাত আছিল যদিও আজি যোৰহাট মেডিকেল কলেজৰ পৰা অহা আৰ টি পি চি ৰিপৰ্ট ত পহুপুৰীৰ ৮ জন আৰু ৰহাৰ এজনৰ কোভিড পজিটিভ বুলি ৰিপৰ্ট আহিছে ।

তাৰোপৰি এক সামাজিক অনুষ্ঠানৰ বাবেই চহৰী মৌজাৰ হাটবৰ পঞ্চায়তৰ শিলভেটা গাওঁ খনক জিলা উপায়ুক্তই কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে ।গাওখনৰ ২৬ জনৰ শৰীৰত এন্টিজেন টেষ্টত কোভিড ওলাইছে । আটাইকেইজনেই নেপালী সম্প্ৰদায়ৰ লোক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in