হিমা, ৰীমাৰ পাছত সুষমাঃ কেট ৱাকেৰে দেশবাসীৰ হৃদয় জিনিলে অসম কন্যাই, VIDEO

হিমা, ৰীমাৰ পাছত সুষমাঃ কেট ৱাকেৰে দেশবাসীৰ হৃদয় জিনিলে অসম কন্যাই, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ক্ৰীড়া-সংস্কৃতি জগততে নহয় মডেলিং তথা ফেশ্বন জগতখনতো উজ্বলি উঠিছে অসম। এইবাৰ 'গ্লেমন মিছ ইণ্ডিয়া' প্ৰতিযোগিতাত শ্ৰেষ্ঠ কেটৱাক সন্মান কঢ়িয়াই আনিলে ৰহাৰ জীয়ৰী সুষমা কোঁৱৰে।

নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰতিযোগিতাখনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল ৰহাৰ জীয়ৰী তথা চণ্ডীগড়ত পৰ্যটন বিভাগত স্নাতকোত্তৰ ডিগ্ৰীত অধ্যয়নৰত সুষমাই। দেশৰ ২৫খন ৰজ্যৰ মুঠ ১০০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত সুষমাই শ্ৰেষ্ঠ কেটৱাক বঁটা লাভ কৰে।

অসমীয়া স্বাভিমান বিহু নৃত্য প্ৰদৰ্শন কৰি বিচাৰকৰ মন মুহিবলৈ সক্ষম হোৱা সুষমাক বিভিন্ন জনে শুভেচ্ছা তথা সম্বৰ্ধনা জ্ঞাপন কৰে। ৰহা সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ৰহা আঞ্চলিক সাংবাদিক সন্থা, সদৌ অসম ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি আদিয়ে সুষমাক উষ্ম সম্বৰ্ধনা জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in