ৰহাত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন

ৰহাত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন

ডিজিটেল সংবাদ, ৰহাঃ নগাঁও জিলাৰ ৰহাত ২৮ আৰু ২৯ মাৰ্চত দুদিনীয়াকৈ অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাখনৰ আয়োজন কৰা হৈছে৷ অনুসূচিত জাতিৰ নগাঁও-মৰিগাঁও জিলাৰ সকলো ৰাইজক একত্রিত কৰি এক জাগৰণ সৃষ্টিৰ উদ্দেশ্যে সভাখন ৰহাত আয়োজন কৰা হৈছে। নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ উদ্যোগত, ৰহা আঞ্চলিক আৰু ৰহা অনুসূচিত জাতিৰ সকলো ৰাইজৰ ব্যৱস্থাপনাত হ'ব লগা এই অনুষ্ঠানলৈ অসম বিধানসভাৰ আটাইকেইগৰাকী অনুসূচিত জাতিৰ বিধায়ক আৰু অসমৰ মুখ্যমন্ত্রী আৰু বিত্ত মন্ত্রীক আমন্ত্রণৰ ব্যৱস্থা কৰা হৈছে।

ইতিমধ্যে ৰহাৰ ৰাইজে এখনি শক্তিশালী অভ্যৰ্থনা সমিতি আৰু ১১ খন উপ সমিতি গঠনেৰে আজিৰে পৰা পূৰ্ণ গতিত কাম সমূহ আগুৱাই নিবলৈ মনস্থ কৰিছে। ইয়াৰ লগতে অনুষ্ঠানটি স্মৃতি যোগমীয়া কৰি ৰাখিবলৈ এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰিছে। স্মৃতিগ্ৰন্থ খনিৰ বাবেও অনুসূচিত জাতিৰ ইতিহাস তথা তথ্য সমৃদ্ধ লেখাৰ বাবে ৭০০২০৫৬৫৭৭ আৰু ৯৪০১২৪৩২০৭ নম্বৰত যোগাযোগ কৰিবলৈ অভ্যৰ্থনা সমিতিয়ে আহ্বান জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in