অসহ্যকৰ! ৰহাত পৰিয়ালকেন্দ্ৰীক ঘটনাৰ তদন্তৰ বাবে যোৱা আৰক্ষী বিষয়াক বান্ধি প্ৰহাৰ, প্ৰাণ লোৱাৰ চেষ্টা বোৱাৰীক অত্যাচাৰৰ অভিযুক্তৰ, VIDEO

অসহ্যকৰ! ৰহাত পৰিয়ালকেন্দ্ৰীক ঘটনাৰ তদন্তৰ বাবে যোৱা আৰক্ষী বিষয়াক বান্ধি প্ৰহাৰ, প্ৰাণ লোৱাৰ চেষ্টা বোৱাৰীক অত্যাচাৰৰ অভিযুক্তৰ, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ সৰিয়হতলী মিলনপুৰ গাৱঁত এক পাৰিবাৰিক ঘটনাৰ তদন্তত যোৱা আৰক্ষীক একাংশ উদণ্ড লোকে আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। তদন্তৰ বাবে যোৱা আৰক্ষী বিষয়াগৰাকীৰ ওপৰত জপিয়াই পৰি কেনেদৰে একাংশ লোকে আইন হাতত তুলি ল'লে তাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সম্পূৰ্ণ পাৰিবাৰিক এক ঘটনাৰ তদন্তৰ বাবে গৈছিল আৰক্ষী বিষয়াগৰাকী। সেই সময়তে আৰক্ষী বিষয়াগৰাকীক আক্ৰমণ কৰি বান্ধি, চুলি কটাৰ লগতে শাৰিৰীকভাৱে আক্ৰমণ কৰে একাংশ লোকে।

ঘটনা বিৱৰণী অনুসৰি ৰহাৰ সৰিয়হতলী মিলনপুৰ গাৱঁৰ হীৰকজ্যোতি নাথ নামৰ যুৱকজনে গোপনে বিয়া কৰিছিল ৰহাৰ মাগুৰগাৱঁৰ কৃষ্ণ নাথৰ কন্যা মৌচুমী দেৱীক। কিন্তু বিয়াৰ এবছৰৰ পিচৰে পৰা হীৰক আৰু মাতৃ ৰীণা দেৱীয়ে মৌচুমীৰ ওপৰত নানাধৰণৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল।

উপায়ন্তৰ হৈ মৌচুমীৰ পিতৃ কৃষ্ণ নাথে চাপৰমুখ থানাত এজাহাৰ দাখিল কৰিছিল। তাৰ ভিত্তিতে শুকুৰবাৰে চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল বৰাই দুজন কণিষ্টবলক লগত লৈ মিলনপুৰৰ হীৰকজ্যোতিৰ ঘৰত উপস্থিত হৈছিল।

কিন্তু একাংশ পুৰুষ মহিলাই আৰক্ষী বিষয়া প্ৰফুল্ল বৰাই মহিলাৰ ওপৰত হাত দিয়াৰ অভিযোগ তুলি হাতে ভৰিৰে বান্ধি প্ৰহাৰ কৰাৰ লগতে একাংশ মহিলাই আৰক্ষী বিষয়াগৰাকীৰ চুলি কেঁচীৰে কাটি দিয়ে। উদণ্ড লোকসকলে আন এজন কনিষ্টবলকো আক্ৰমণ কৰে। পিচত ৰহা থানাৰ আৰক্ষী গৈ আটাইকে উদ্ধাৰ কৰি আনি গুৰুতৰভাৱে আহত চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল বৰাক নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। বৰ্তমান চিকিৎসাধীন হৈ আছে আৰক্ষী বিষয়াগৰাকী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in