নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সাহাৰ্য সামগ্ৰী বিতৰণ, VIDEO

নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সাহাৰ্য সামগ্ৰী বিতৰণ, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি তথা নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দীপ দাসৰ নেতৃত্বত শুকুৰবাৰে ৰহাত হিতাধিকাৰীৰ মাজত সাহাৰ্য বিতৰণ কৰা হয়৷ নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ FOIGS আঁচনিৰ অধীনত ৰহাৰ শিক্ষিত নিবনুৱা যুৱকসকলক কম্পিউটাৰ, জেৰক্স মেচিন আৰু খেতিয়কসকল পাৱাৰ পাম্প আদি বিতৰণ কৰা হয়।

শুকুৰবাৰৰ সাহাৰ্য বিতৰণ কাৰ্যসূচীত ৰহা কংগ্ৰেছ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷ আনহাতে এই সাহাৰ্য বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনে বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ আনিছে নগাঁও জিলা অনুসূচীত জাতি উন্নয়ন পৰিষদৰ সভাপতি দীপ দাসে৷ ইফাে হিতাধিকাৰী উপস্থিত নথকাৰ বাবে এটা কম্পিউটাৰ আৰু জেৰক্স মেচিন জব্দ কৰে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in