ৰহাত শিশুৰ দ্বাৰা শ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন, VIDEO

ৰহাত শিশুৰ দ্বাৰা শ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰহাত শিশু ছাত্ৰ-ছাত্ৰীয়ে ৰচিলে বৃন্দাবন। ৰাজ্যত অব্যাহত আছে ৰাসৰ উন্মাদনা। ঠায়ে ঠায়ে অনুষ্ঠিত হৈ আছে শ্ৰীকৃষ্ণৰ ৰাসলীলা। এইবাৰ ৰহাৰ গছপৰাত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰিলে ৰাসলীলা।

জ্ঞানপীঠ জাতীয় বিদ্যালয় নামৰ ৰহাৰ গছপৰাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে শুকুৰবাৰে নিশা পৰিবেশন কৰিলে এই ৰাসলীলা। গছপৰা যুৰীয়া নামঘৰত অনুষ্ঠিত এই শিশুৰ ৰাসলীলা চাবলৈ হিলদল ভাঙি দৰ্শক আহিল আৰু শিশুসকলৰ ৰাসলীলা চাই আপ্লুত হ'ল দৰ্শকসকল।

উল্লখ্য যে, শিশু ছাত্ৰ-ছাত্ৰীসকলক শংকৰী কলা-কৃষ্টিৰ লগত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে আয়োজিত এই ৰাসলীলাত সকলো ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীয়ে অভিনয়ত অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in