ৰহাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শাখা বিষয়া বাবুল চন্দ্ৰ শইকীয়াক বিদায় সম্বৰ্ধনা

ৰহাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শাখা বিষয়া বাবুল চন্দ্ৰ শইকীয়াক বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ, ৰহাঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰহা শাখাৰ শাখা বিষয়া সদ্য অৱসৰপ্ৰাপ্ত  বাবুল চন্দ্ৰ শইকীয়াক অলপতে বিভাগৰ ৰহা আৰু চাপৰমুখ শাখাৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে ৰহা আৰু চাপৰমুখ শাখাৰ উদোগত ৰহাৰ দীঘলিআটিৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ চৰাত আয়োজিত অনুষ্ঠানত সভাপতিত্ব কৰে হোজাই সংমণ্ডলৰ সহঃ কাৰ্যবাহী অভিযন্তা পংকজ বৰদলৈয়ে।

অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে পুতুল চন্দ্ৰ ডেকাই। উক্ত অনুষ্ঠানত যোৱা ৩১জানুৱাৰীত অৱসৰগ্ৰহণ কৰা শাখা বিষয়া শইকীয়াক বিভাগৰ ৰহা আৰু চাপৰমুখ শাখাৰ কৰ্মচাৰী বৃন্দই গামোচা, প্ৰশস্তি পত্ৰ,শৰাই আৰু কিতাপৰ টোপোলাৰে বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে অঞ্চলৰ পানী যোগান আঁচনিসমূহৰ ভূমিদাতা, অবৈতনিক কৰ্মী সন্থা, ঠিকাদাৰ সন্থাৰ ওপৰিও বিভিন্ন ব্যক্তি দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।

পুতুল চন্দ্ৰ ডেকা আৰু হেমন্ত ডেকাই আত ধৰা সভাখনত কাৰ্যবাহী অভিযন্তা তীৰ্থ শৰ্মা, সহঃ কাৰ্যবাহী অভিযন্তা হাফিজ উদ্দিন আহমেদ, সহকাৰী অভিযন্তা চবিৰ আহমেদ, অনুপ দাস, বিনয় হাজৰীকা, জোতিৰ্ময় গোস্বামী, বিষ্ণু ৰাম বৰা,দীঘলিআটি পঞ্চায়তৰ সভাপতি হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য, সদৌ অসম জনস্বাস্হ্য কৰ্মচাৰী সন্থাৰ সভাপতি টিকেন বৰা,ৰহা উচ্চ তৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰুমি বৰদলৈ আদি উপস্থিত থাকি  শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি চাকৰি জীৱনত বাবুল শইকীয়াই অতি দক্ষতাৰে নিজৰ কাৰ্য সম্পাদন কৰাৰ লগতে  বিভাগৰ প্ৰতি আগবঢ়োৱা অৱদানৰ ভূয়সী প্ৰশংসা কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি শইকীয়াই কৰ্ম জীৱনৰ সুদীৰ্ঘ পৰিক্ৰমাৰ ওপৰত নিজৰ অনুভৱ ব্যক্ত কৰি আবেগিক হৈ পৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in