সাৱধান, অংগনবাড়ী কেন্দ্ৰত ওলমিব পাৰে তলা, VIDEO

সাৱধান, অংগনবাড়ী কেন্দ্ৰত ওলমিব পাৰে তলা, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰহা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ ২ নং মাগুৰগাঁও অংগনবাড়ী কেন্দ্ৰত তলা ওলমালে স্থানীয় ৰাইজে৷ কেন্দ্ৰটোত দীৰ্ঘদিনৰ পৰা কৰ্মীগৰাকী নিয়মিয়াকৈ অনুপস্থিত থকাৰ লগতে কেন্দ্ৰটোৰ ছাত্ৰ-ছাত্ৰী সকলক নিয়মিত খাদ্যৰ পৰাও বঞ্চিত কৰি শিশু সকলৰ বাবে অহা সকলো সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

এই সংহত শিশু উন্নয়ন প্ৰকল্পৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে শিশুৰ খাদ্য আত্মসাৎ কৰাৰ অভিযোগ৷ কেন্দ্ৰটোৰ কৰ্মী আকলিমা খাতুন কেন্দ্ৰটোত সপ্তাহত দুই তিনিদিনহে উপস্থিত থকাৰ লগতে ১০ বজাত কেন্দ্ৰটোলৈ অহাৰ গুৰুত্বৰ অভিযোগ।

মঙলবাৰে কেন্দ্ৰটোত কৰ্মী গৰাকী নিৰ্ধাৰিত সময়তকৈ পলমকৈ উপস্থিত হোৱাত এক উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে কেন্দ্ৰটোত তলা ওলমাই দিয়ে৷ ইফালে কৰ্মী গৰাকীয়ে পৰিচালনা সমিতি খনকো কোনো আলোচনা নকৰি নিজৰ মইমতালিৰে সমূহ খাদ্য সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ তুলিছে পৰিচালনা সমিতি খনে৷

উল্লেখ্য যে, বিভাগীয় বিষয়াই কৰ্মী আকলিমা খাতুন বিৰুদ্ধে এক তদন্ত কৰি উচিত শাস্তিৰ বাবে দাবী জনাইছে স্থানীয় লোকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in