শেহতীয়া খবৰ
তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক  •  উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন  •  কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু  •  ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ...  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন...  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...  •  ওদালগুৰিত ট্ৰাইবেল সমন্বয়ৰক্ষী সংগঠনৰ জোঁৰ সমদল, এনআৰচিৰ ১৯৫১ ভিত্তিবৰ্ষ আদৰণীয়, কিন্তু কেব মানি নলওঃ গোবিন্দ বসুমতাৰী

ৰহাৰ প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান

59

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ‘প্ৰাঞ্জল মে’মৰিয়েল একাডেমীয়ে গৌৰবোজ্জল ২৫ টা বছৰত ভৰি দিয়া উপলক্ষে সোমবাৰে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, আৰু বন্তি প্ৰজ্বলনৰ পিছতে দিনৰ ১০ বজাত একাডেমীৰ পৰা এক বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

একাডেমীখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, শুভাকাংখী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত বিহু নৃত্য, শংকৰী কলা কৃষ্টি, দশৱতাৰ নৃত্য, কাৰ্বি, বড়ো, নেপালী, তিৱা আদিকে ধৰি অসমৰ বিভিন্ন জনগোষ্ঠীৰ জাতীয় কলা সংস্কতি আদি প্ৰদৰ্শন কৰা হয়। বিয়লি ১ বজাত মুকলি সভা অনুষ্ঠিত হয়। উদযাপন সমিতিৰ সভাপতি ভগৱান চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত একাডেমীখনৰ ২৫ বছৰীয়া বৰ্ণময় ইতিহাসৰ ওপৰত আলোকপাত কৰে পৰিচালন সঞ্চালক প্ৰভাত ভূঞাই।

সভাত বিশিষ্ট শিক্ষাবিদ হিৰণ্য নাৰায়ণ বৰা, লেখক, কবি যতীন্দ্ৰ কুমাৰ পাৰৈ, ৰহাৰ জেষ্ঠ নাগৰিক মঞ্চৰ উপদেষ্টা ৰমণী কুমাৰ ভূঞা, ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা ডঃ নিৰলা দেৱী, ডঃ প্ৰদীপ কুমাৰ ভূঞা, পুতুকণ মুদৈ, মহেশ্বৰ দাস আদি উপস্থিত থাকে। উল্লেখযোগ্য যে, একাডেমীখনৰ ৰূপালী জয়ন্তী উপলক্ষে সোমবাৰে শুভাৰম্ভ অনুষ্ঠানৰ পিছত বছৰযোৰা বিভিন্ন কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি