চৰকাৰলৈ বাট চাই লাভ নাই! ৰহা আদৰ্শ গাৱঁৰ একমাত্ৰ পথটো মেৰামতি ৰাইজৰ…

চৰকাৰলৈ বাট চাই লাভ নাই! ৰহা আদৰ্শ গাৱঁৰ একমাত্ৰ পথটো মেৰামতি ৰাইজৰ…

ডিজিটেল সংবাদ, ৰহাঃ বানপানী ,কোৰোনাৰ আতংক অব্যাহত থকাৰ সময়তে ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত মোলানকাটা আদৰ্শ গাঁওত কলঙৰ গৰাখহনীয়াই এতিয়া চলাইছে তাণ্ডৱ ৷ প্ৰাপ্ত তথ্য মতে , মোলানকাটা আদৰ্শ গাওঁবাসীৰ বহিঃবিশ্বৰে যোগাযোগৰ একমাত্ৰ পথটো কলঙৰ গৰাখহনীয়াই খহাই নিয়াত যমৰ যাতনা ভোগ কৰিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে স্থানীয় জনসাধাৰণ ৷

বহিঃবিশ্বৰে যোগাযোগৰ মূূূল পথটো কলঙৰ খহনীয়াই খহাই নিয়াৰ পাচতো বিভাগীয় কৰ্তৃপক্ষই উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাত উপায়ন্তৰ হৈ আদৰ্শ গাঁওৰ পুৰুষ মহিলা সকলে আজি উলাই আহি হাতত কোৰ আদি লৈ শ্ৰমদানৰে পথটোৰে কোনোৰকমে যাত্ৰাৰ উপযোগী কৰি তোলে ৷

উল্লেখ্য, যিটো সময়ত ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে পথ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে সেই সময়ত কলং নদীৰ খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰাত জাহ গৈছিল ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত মোলানকাটা আদৰ্শ গাঁওৰ একমাত্ৰ পথটো । ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা মৰিগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত মোলানকাটা আদৰ্শ গাৱঁৰ একমাত্ৰ পথটোৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ দীৰ্ঘদিনৰে পৰা অঞ্চলটোৰ ৰাইজে দাবী জনাই আহিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ,যাৰ ফলত কলং নদীৰ দক্ষিণ পাৰে অৱস্থিত গাওঁ খনৰ এক মাত্ৰ পথটোৰ খহনীয়া প্ৰতিৰোধ কৰাৰ কোনো ব্যৱস্থা হাতত নোলোৱাৰ ফলত পথটো অলপতে জাহ গৈছিল কলংৰ বুকুত ।

প্ৰায় ডেৰ শতাধিক পৰিয়ালে বাস কৰা গাওঁখন আদৰ্শ গাওঁ হিচাপে প্ৰায় ত্ৰিশ বছৰ পূৰ্বে চৰকাৰে স্থাপন কৰিছিল যদিও বিপদৰ সময়ত কোনো এজন বিধায়কৰে সু দৃষ্টি নপৰাৰ অভিযোগ তুলি আজি স্থানীয় পুৰুষ মহিলা সকলো উলাই আহি কোনোমতে বহিঃবিশ্বৰে সৈতে যোগাযোগৰ পথটো মেৰামতি কৰে আৰু বিভাগীয় কৰ্তৃপক্ষই গৰাখহনীয়াৰ ক্ষেত্ৰত স্থায়ী এক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in