ৰহাত শুকুৰবাৰে কিয় উদণ্ড লোকে বান্ধি প্ৰহাৰ কৰি, চুলি কাটি দিছিল আৰক্ষী বিষয়াক, চাওঁক VIDEO

ৰহাত শুকুৰবাৰে কিয় উদণ্ড লোকে বান্ধি প্ৰহাৰ কৰি, চুলি কাটি দিছিল আৰক্ষী বিষয়াক, চাওঁক VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ সৰিয়হতলী মিলনপুৰ গাৱঁত তদন্তৰ বাবে যোৱা চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল বৰাক মৰেল পুলিচে কৰা শাৰীৰিক অপদস্তৰ সম্পৰ্কত সংবাদমেল নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ। ৰহাত সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কৃষ্ণ নাথ নামৰ লোকজনৰ অভিযোগৰ ভিত্তিত তদন্ত কৰিবলৈ দুজন কনিষ্টবল লৈ মিলনপুৰলৈ গৈছিল।

অভিযুক্ত হীৰকজ্যোতি নাথৰ লগতে মাতৃ, ভগ্নী আৰু একাংশ লোকে অসহায় আৰক্ষী বিষয়াগৰাকীক প্ৰহাৰ কৰি চুলি পৰ্যন্ত কাটি দিয়ে। ঘটনাৰ সম্পৰ্কত ইতিমধ্যে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৰহা আৰক্ষীয়ে।

গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে হীৰকৰ মাতৃ ৰীণা দেৱী, জ্যেষ্ঠ ভগ্নী চুম্পী দেৱী, ভিনিয়েক আনন্দ নাথ আৰু স্থানীয় প্ৰহ্লাদ নাথ। ইপিনে একাংশ লোকৰ মতে আৰক্ষী বিষয়াগৰাকী সুৰামত্ত হৈ আছিল। কিন্তু এই অভিযোগ খণ্ডন কৰি অতিৰিক্ত আৰক্ষী অধীক্ষকে অভিযুক্তই নিজৰ অপৰাধ ঢাকিবলৈয়ে এনে অভিযোগ অনা বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in