সাংস্কৃতিক ক্ষেত্ৰত সবল খোজ ৰহাৰ পিনাদেৱ ৰাগৰ

সাংস্কৃতিক ক্ষেত্ৰত সবল খোজ ৰহাৰ পিনাদেৱ ৰাগৰ

ডিজিটেল সংবাদ, ৰহাঃ মধ্য অসমৰ প্ৰাণকেন্দ্ৰস্বৰূপ নগাঁও জিলাৰ এক বৃহৎ অঞ্চল ৰহা৷ এই বৃহত্তৰ ৰহাৰ যুৱ প্ৰজন্ম শিক্ষা, সাংস্কৃতিক, ক্ৰীড়া আদি বিভিন্ন দিশত দ্ৰুতগতিত আগবাঢ়িবলৈ সক্ষম হৈছে৷ ক্ৰীড়াত গংগোত্ৰী বৰদলৈ, মডেলিংত সুষমা কোঁৱৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সক্ষম হৈছে ৰহাৰ নাম উজ্বলাবলৈ৷ আনহাতে সংগীত, নাটক আদি দিশতো অঞ্চলটোৰ যুৱপ্ৰজন্ম আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে৷ সংগীতৰ জগতত বৃহত্তৰ ৰহাৰ যুৱপ্ৰজন্মৰ অন্যতম এজন উদীয়মান শিল্পী পিনাদেৱ ৰাগৰ মুক্তি পোৱা কেইবাটাও অডিঅ' এলবামৰ জৰিয়তে নিজৰ শিল্পীমনৰ প্ৰতিভা জনসাধাৰণৰ ওচৰত বিস্তাৰিত কৰিবলৈ সক্ষম হৈছে।

খেতি কৰি পেট প্ৰবৰ্তোৱা ৰহাৰ সৰাগাঁৱৰ প্ৰয়াত চন্তসিং ডেকা আৰু হীৰেমাই দেৱীৰ কনিষ্ঠ পুত্ৰ পিনাদেৱ ৰাগে শৈশৱৰ পৰাই বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত গীত পৰিবেশন কৰি স্থানীয় ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হয়৷ পিতৃৰ আৰ্থিক দুৰৱস্থাৰ বাবে জ্যেষ্ঠ ভগ্নীৰ আশ্ৰয়ত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ শিক্ষা সমাপ্ত কৰে যদিও অদম্য মনোবলৰ অধিকাৰী পিনাদেৱ ৰাগে নিজ প্ৰচেষ্টাত নগাঁৱৰ গীতামনি শৰ্মাৰ ওচৰত সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে আৰু ২০১২বৰ্ষত প্ৰথমটো অডিঅ' এলবাম "মৰমৰ লগৰী" ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে।

পি আৰ প্ৰডাক্টচনৰ বেনাৰত বজাৰত মুকলি কৰা অডিঅ' এলবামটোত পিনাদেৱে সুৰ দিয়া আৰু লিখা এটি গীতত কন্ঠদান কৰে জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশে৷ আৰ্থিক ভাবে পিচপৰা এটি পৰিয়ালৰ সন্তান পিনাদেৱ ৰাগে জীৱিকাৰ স্বাৰ্থত বিদ্যুৎ বিভাগৰ জাগীৰোড উপ -সংমণ্ডলত ঠিকাভিত্তিক এটি কামত জড়িত হ'বলগা হয় যদিও সংগীতৰ সাধনা অব্যাহত ৰাখি ২০১৬বৰ্ষত পি আৰ প্ৰডাক্টচনৰ বেনাৰত" দেহাজান " নামৰ আন এটি অডিঅ' এলবাম মুকলি কৰে আৰু এলবামটোৰ সংগীত পৰিচালনা কৰিছিল কুমাৰ ভৱেশে৷ এলবামটোৰ জৰিয়তে ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰা পিনাদেৱ ৰাগে ২০১৭বৰ্ষত পি আৰ প্ৰডাক্টচনৰে বেনাৰত "পানচৈ" নামৰ আন এটি অডিঅ' এলবাম মুকলি কৰে৷

উল্লেখ্য যে, এলবামটোত যুৱপ্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ লগত পিনাদেৱে কন্ঠদান কৰা "বহাগতে পাতিম বিয়া" শীৰ্ষক গীতটিয়ে জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হয়৷ শেহতীয়াকৈ বহাগৰ বিহুৰ মঞ্চৰ লগতে অনান্য অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাবছৰমান গীত পৰিবেশনৰে নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হোৱা পিনাদেৱ ৰাগে ২০১৯বৰ্ষত চেনীমাই Vol-2 নামেৰে আন এটি অডিঅ' এলবাম বজাৰত মুকলি কৰি সাংস্কৃতিক জগতখনত সবল খোজ পেলাবলৈ সক্ষম হৈছে৷ যুৱপ্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ কন্ঠৰ বলিউডৰ "গেংষ্টাৰ" চিনেমাখনৰ জনপ্ৰিয় "ইয়া আলী" গীতটো কভাৰ চং হিচাপে পিনাদেৱৰ কন্ঠত শীঘ্ৰে মুক্তি পাব বুলি জানিব দিয়ে শিল্পীজনে৷ আৰ্থিক দুৰৱস্থাক নেওচি নিজ লক্ষ্যত উপনীত হোৱাৰ চেষ্টাত ব্ৰতী শিল্পীজনৰ প্ৰতি মুহুৰ্তৰ প্ৰেৰণাৰ উৎস পৰিয়ালবৰ্গ তথা বন্ধুমহলৰ লগতে গুৰু গীতামনি শৰ্মা বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in