খেলপথাৰত এচপৰাও মাটি নপৰাকৈ শেষ হ’ল আবন্টিত ৪ লাখ, ৰহাত গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ, VIDEO

খেলপথাৰত এচপৰাও মাটি নপৰাকৈ শেষ হ’ল আবন্টিত ৪ লাখ, ৰহাত গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ইটোৰ পিচত সিটোকৈ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত মনিপুৰটুপ গাওঁ পঞ্চায়তৰ। এইবাৰ মনিপুৰটুপ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে উঠিছে লুণ্ঠনৰ অভিযোগ। অভিযোগ মতে, ২০১৫-১৬ বৰ্ষতে মনিপুৰটুপ খেলপথাৰৰ চাৰিসীমা বেৰ নিৰ্মাণৰ বাবে চাৰি লাখ টকা আবণ্টন দিয়া হৈছিল। কিন্তু খেলপথাৰত এচপৰাও ইটা নেপেলোৱাকৈ পঞ্চায়তটোৰ প্ৰাক্তন সভাপতি মহৰ আলিয়ে সমুদায় ধন আত্মসাৎ কৰে।

পিচত মনিপুৰটুপ ক্ৰীড়া সন্থাই আৰ টি আই কৰি এই দুৰ্নীতিৰ কথা পোহৰলৈ অনাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে এই সম্পৰ্কত একাংশ যুৱকে প্ৰাক্তন সভাপতিগৰাকীৰ পৰা জানিব বিচৰাত প্ৰাক্তন সভাপতি মহৰ আলিয়ে ওলোটাই এইসকলক নানা প্ৰকাৰে ভাবুকি প্ৰদান কৰে বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে।

আনকি দেওবাৰে মহৰ আলীয়ে হাফিজুল নামৰ এজন যুৱকক আক্ৰমণো কৰে। আনকি প্ৰাক্তন সভাপতিগৰাকীয়ে ওলোটাই মনিপুৰটুপৰ কেইজনমান যুৱকৰ বিৰুদ্ধ ৰহা আৰক্ষী থানাত গোচৰ দিয়া বুলিও জানিব পৰা গৈছে।

আনপিনে মহৰ আলীৰ বিৰুদ্ধেও গোচৰ তৰিছে স্থানীয় একাংশই। মনিপুৰটুপ গাওঁ পঞ্চায়তত হোৱা এনে দুৰ্নীতিত কপিলী উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীও জড়িত থকাৰ অভিযোগ উঠিছে। সেয়ে এনে দুৰ্নীতিৰ উচিত তদন্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in