ৰহাত আত্মীয়ৰ কান্ধত ভৰ দি ভোট দিবলৈ আহিল এগৰাকী বৃদ্ধা…

ৰহাত আত্মীয়ৰ কান্ধত ভৰ দি ভোট দিবলৈ আহিল এগৰাকী বৃদ্ধা…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰৰ পুৱাৰ পৰা ভোটাৰ ভিৰ ৮২ নং ৰহা সমষ্টিৰ কচুৱা পঞ্চায়তত। আত্মীয়ৰ কান্ধত ভৰ দি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয়হি এগৰাকী বৃদ্ধা। বৃদ্ধাগৰাকীৰ লগতে কোলাত কেচুৱা লৈ পুৱাই ভোট দিবলৈ আহিল মহিলা। জীৱনত প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰি আনন্দিত নতুন ভোটাৰগৰাকী।

৮৭ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণ ভাৱে গ্ৰহণ আৰম্ভ হৈছে। ইফালে ১০নং লোক সভাৰ সমষ্টি ৮২নং ৰহা সমষ্টিৰ ২৩৮ নং ড০ ফাৰুক আব্দুলা ছিনিয়ৰ মাদ্ৰাছা ভোট কেন্দ্ৰত ই ভি এম বিকল হোৱা খবৰ পোৱা গৈছে। ৭০জন ভোটাৰে ভোটদান কৰাৰ পিছতেই বিকল হৈ পৰে ই ভি এমটো।

ইভিএম বিকল হৈ পৰা পাছত বৰ্তমানেও ভোটগ্ৰহন স্থগিত হৈ আছে। আনহাতে, ৰহা সমষ্টিৰ নিজ নাৰিকলি ১৪১ আৰু ১৪২ নং এম ই স্কুলতো বিকল হয় ই ভি এম। ৫২জন ভোটাৰে ভোট দিয়াৰ পিছত বিকল হয় ই ভি এমটো৷ বৰ্তমানেও ভোট গ্ৰহণ কৰা নাই ১৪২ নং ভোটগ্ৰহণ কেন্দ্ৰটোত। আনটো কেন্দ্ৰত ১ ঘন্টা পলম কৈ অনুষ্ঠিত হয় ভোট গ্ৰহণ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in