লোমহৰ্ষক! ৰহাত বিহু গুচি হ’ল বৰবিহ, চাওক VIDEO

লোমহৰ্ষক! ৰহাত বিহু গুচি হ’ল বৰবিহ, চাওক VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰঙালী বিহুৰ আনন্দত সমগ্ৰ ৰাজ্যবাসী মতলীয়া হৈ থকাৰ মাজতে নগাঁও জিলাৰ ৰহাৰ বাৰপুজীয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। এই হত্যাকাণ্ডত পিতৃৰ দাৰ ঘাপত নিহত হয় পুত্ৰ। জানিব পৰা মতে বাৰপুজীয়াৰ অমৰাৱতী গাঁৱৰ প্ৰায় ৫৫ বছৰীয়া ডম্বৰু নাথ নামৰ ব্যক্তি গৰাকীয়ে গৰু বিহুৰ নিশা নিজা ঘৰতে মদ্যপান কৰি উচ্চ স্বৰত মিউজিক চিষ্টেম বজাই থকাৰ সময়ত তেওঁৰে কনিষ্ঠ পুত্ৰ সোনমনি নাথে (২০) ঘৰলৈ হুঁচৰি দল অহাৰ বাবে মিউজিক চিষ্টেমৰ শব্দ কমাবলৈ কয়।

সেই সময়ত পিতৃ ডম্বৰু নাথে পুত্ৰ সোনমনিৰ কোৱা শুনি তাকে কমাবলৈ দিয়াত পুতেকে ভলিউম কমাবলৈ কোঠাটোত সোমাওতে পিতৃ ডম্বৰু নাথে কোনো কাৰণ নোহোৱাকৈ এখন দাৰে উপৰ্যুপৰি ঘপিয়াবলৈ ধৰে।

পুতেক সোনমণিয়ে একো তত ধৰিব নোৱাৰি মাথো চিঞৰি বাহিৰলৈ দৌৰ মাৰে। সেই চিঞৰ শুনি মাতৃয়ে বাহিৰলৈ ওলাই আহি ঘটনাটো দেখি চিঞৰিবলৈ ধৰাত ওচৰৰ মানুহ গোটখাই ঘটনাটো জ্ঞাত হৈ লগে লগে পিতৃ ডম্বৰু নাথক বান্ধি আটক কৰে আৰু উত্তম মাধ্যম শোধাই বান্ধি থয়। আনফালে দাৰ ঘাপত আহত হৈ সোনমনি পদূলি মূখত পৰি থকাত স্থানীয় ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰাই যদিও নিশা ২ বজাত মৃত্যুক আকোঁৱালি লয়।

আনফালে ৰাইজৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত পিতৃকো নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই আৰক্ষীয়ে। ইফালে ডম্বৰু নাথৰ পত্নীৰ অভিযোগ মতে দীৰ্ঘদিন ধৰি ডম্বৰু নাথে নিতৌ মদ্যপান কৰি ঘৰৰ সকলোকে হত্যা কৰা ভাবুকিৰে অত্যাচাৰ চলাই আহিছিল।

তদুপৰি স্থানীয় ৰাইজৰ অভিযোগ মতে পূৰ্বেও ডম্বৰু নাথে এজন লোকক হত্যা কৰি জেলৰ ভাত খাইছিল। উল্লেখ্য যে, পাষান স্বামীৰ এনে নিষ্ঠুৰ কাণ্ডক মানি নলৈ ভৱিষ্যতলৈ ঘৰলৈ উভতি আহিবলৈ বাধা প্ৰদান কৰা লগতে নিজ স্বামীক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in