ৰহা গড়মাৰীত চিপ লৈ আত্মহত্যা অচিনাক্ত ব্যক্তিৰ

ৰহা গড়মাৰীত চিপ লৈ আত্মহত্যা অচিনাক্ত ব্যক্তিৰ

ডিজিটেল সংবাদ, ৰহাঃ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত গড়মাৰীত সোমবাৰে এজোপা গছত চিপলৈ থকা অৱস্থাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ৰহা গড়মাৰী ৰহা-চাপৰমুখ পথৰ ৰে'লগেটৰ ওচৰৰ এখন বাৰীৰ এজোপা গছৰ ডালত গামোচাৰে চিপলৈ ওলমি থকা অৱস্থাত কোনোলোকে দেখি ৰহা আৰক্ষীক খবৰ দিয়ে। খবৰ পাই ৰহা আৰক্ষীও ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু পাছত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

হাফপেন্ট, স্পৰ্টিং পৰিহিত প্ৰায় ৩৫ বছৰীয়া ব্যক্তিজন বাতৰি লিখা সময়ৰলৈকে চিনাক্ত হোৱা নাই। উল্লেখ্য যে, মৃত ব্যক্তিজনৰ বৰ্তমানলৈকে চিনাক্ত নোহোৱাত তেওঁ আত্মহত্যা কৰিলেনে আন কোনোবাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in