বৰ্ণিল ৰহা সমষ্টিত বিচিত্ৰ নিৰ্বাচনঃ শংকৰদেৱৰ দৰ্শন নে কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষতাৰ শ্লোগানে দেখুৱাব ফল…

বৰ্ণিল ৰহা সমষ্টিত বিচিত্ৰ নিৰ্বাচনঃ শংকৰদেৱৰ দৰ্শন নে কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষতাৰ শ্লোগানে দেখুৱাব ফল…

ডিজিটেল ডেস্কঃ অগপ-বিজেপি-কংগ্ৰেছ সকলোৰে দুৰ্গ বিচিত্ৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ৰহা সমষ্টিত এইবাৰ আকৰ্ষণীয় হ'ব নিৰ্বাচনী যুঁজ। এসময়ত অগপৰ দখলত থকা সমষ্টিতো পৰৱৰ্তীসময়ত এবাৰ AIUDFৰ দখললৈ গলেও যোৱা নিৰ্বাচনত বিজেপিৰ ডিম্বেশ্বৰ দাসে দখল কৰিবলৈ সক্ষম হৈছিল। ডিম্বেশ্বৰ দাস আছিল আকৌ অগপৰে প্ৰাক্তন নেতা।

আনহাতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী আনন্দ কুমাৰ বৰুৱাৰ কান্ধত উঠি ভতিজা পীষুয হাজৰিকাই কংগ্ৰেছী যুৱ নেতা হিচাপে প্ৰথমবাৰৰ বাবে দখল দিছিল ৰহা সমষ্টি। কিন্তু ২০১৬ত এই সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত সন্দিহান হৈয়েই নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুগামীৰূপে পৰিচিত কংগ্ৰেছী পীয়ুষ হাজৰিকা হ'লগৈ জাগীৰোড সমষ্টিৰ বিজেপিৰ প্ৰতিনিধি।

পত্নীগৃহ ৰহা সমষ্টিত বিজেপিৰ পতাকা উৰুৱাই ৰখা বাবে ৰাজনৈতিক গুৰু হিমন্ত বিশ্ব শৰ্মাক লৈ প্ৰচেষ্টা চলালেও বিজেপিৰ বিজয়ক লৈ তেওঁ নিশ্চিত হ'ব নোৱাৰিলে। সেয়েহে ২০২১ৰ নিৰ্বাচনৰ বাবে তেওঁৰ বাব তেওঁৰ পত্নীও এই সমষ্টিত নিৰ্বাচনত অৱৰ্তীণ নহল।

৪০বছৰে কালিকা লগা দলংখন

ইয়াৰ পৰিৱৰ্তে অগপৰ বিষ্ণু প্ৰসাদ দাসক প্ৰক্ষেপ কৰা হল মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে। আনহাতে সমষ্টিটোত প্ৰথমবাৰৰ AIUDFআৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সন্মিলিত প্ৰাৰ্থী শশী দাস। ইয়াৰ বাহিৰেও পূৰ্বৰ বিধায়ক গুণেশ্বৰ দাসে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ উপৰি অজাপ-ৰাইজৰ দলৰো দুগৰাকী প্ৰাৰ্থী সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে ২লাখ ১৭হাজাৰ ৬৪০টা ভোট থকা সমষ্টিটোত ধৰ্মীয় সংখ্যলঘু ভোটাৰৰ সংখ্যা প্ৰায় ৮২হাজাৰ। ইয়াৰ বিপৰীতে হিন্দু-বঙালী ভোটাৰ আছে ২৮হাজাৰৰো অধিক। সেইদৰে সমষ্টিটো এছ চিৰ বাবে সংৰক্ষিত হলেও অ বি চি ভোটাৰৰ সংখ্যা সমষ্টিটোত ৪৭হাজাৰ।

পিছে ৰাজনৈতিক সমীকৰণত বহু সময়ত এনেবোৰ ফেক্টৰে কিছুমান সমষ্টিত কাম নিদিয়ে। ৰহাও তেনে এক সমষ্টিয়েই। সেইবাবেই এই সমষ্টিৰ পৰা দুবাৰকৈ বিজেপিৰ প্ৰাৰ্থী জয়ী হবও পাৰিছিল। একেদৰে জয়ী হৈছে AIUDFৰ প্ৰাৰ্থীও। এইবাৰ পিছে খেল অলপ বেলেগ। এইবাৰ পোণপতীয়া যুঁজ মিত্ৰজোঁট-মহাজোঁটৰ।

যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ৮৪হাজাৰৰো অধিক ভোট পোৱাৰ বিপৰীতে ১৬০০ভোট কমকৈ পাইছিল নগাঁও সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই। এনে প্ৰেক্ষাপটতে বিধানসভা নিৰ্বাচনত সমষ্টিতো এৰি দিয়া হৈছে অগপ দলক। অগপৰ প্ৰাৰ্থীগৰাকী আকৌ এক হৰণ ভাগৱতী সমাজৰ অথাত শ্ৰীমন্ত শংকৰদেৱৰ অনুগামী নেতা।যাৰ প্ৰভাৱ ধৰ্মীয় সংখ্যালঘুৰ মাজতো আছে।

ইয়াৰ বিপৰীতে শশী দাসৰ দখলো সমষ্টিটোত কম নহয় যদিও আত্মভিমানী বুলি অভিযোগ থকা মহাজোঁটৰ প্ৰাৰ্থী শশী দাসৰ পুৰণি কংগ্ৰেছ কৰ্মী অথবা ৰহাৰ ভাষিক অসমীয়া ভোটাৰৰ জ্যেষ্ঠ সকলে বৰ আগ্ৰহেৰে লোৱা নাই। হলেও লোকসভা নিৰ্বাচনৰ দুবছৰৰ পিছতে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত মহাজোঁটৰ শক্তিক কিমান প্ৰত্যাহ্বান জনাবলৈ শশী দাস কিমান সক্ষম হব সেয়া সময়তহে পৰিষ্কাৰ হব।

লক্ষ্যণীয় কথাতো হ'ল, সৌ সিদিনা লৈকে টোল গেট, এইমছ আদিয়ে তোলপাৰ লগাই থকা প্ৰতিবাদ আন্দোলনৰ প্ৰভাৱ নিৰ্বাচনটোত পৰিলক্ষিত হোৱা নাই। ইয়াৰ বিপৰীতে ধৰ্মীয় সংখ্যালঘু ভোট যিদৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীলৈ আহিব, সেইদৰে কচুৱাৰ পৰা বৈঠালাংছুৰ পৰ্যন্ত কপিলীপৰীয়া হিন্দু-বঙালী লোকসকলৰ ওপৰত ধৰ্মীয় সংখ্যালঘুৰ মাজত সোমাই থকা অত্যাচাৰী বাহিনীৰ পৰা পৰিত্ৰাণৰ স্বাৰ্থতে অগপ প্ৰাৰ্থীগৰাকীক হিন্দু ভোটাৰ সকলে আদৰি লোৱাৰ সম্ভাৱনা আছে।কচুৱাত থকা হিন্দু শৰনাৰ্থীসকলৰ ভোট যে নিশ্চিত ভাৱে মিত্ৰজোঁটে পাব সেয়া দোহৰাৰ প্ৰয়োজন নাই।

আনহাতে ৰহা সমষ্টিত বিজেপি, অগপ, কংগ্ৰেছ, AIUDFৰ বিধায়ক মন্ত্ৰী বহু হ'ল।কিন্তু এসময়ত গোপীনাথ বৰদলৈ বা লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত ৰহাত ৰাইজৰ বহু প্ৰত্যাশিত দলং খনৰ বাৰে বাৰে আধাৰশিলা স্থাপন কৰিও নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in