গংগোত্ৰীৰ সফলতাক লৈ উছাহৰ ঢল, ৰহাবাসীৰ মুখত হাহিঁ বিৰিঙোৱা চাইক্লিষ্টগৰাকীক লৈ সকলোৰে আনন্দ, VIDEO

গংগোত্ৰীৰ সফলতাক লৈ উছাহৰ ঢল, ৰহাবাসীৰ মুখত হাহিঁ বিৰিঙোৱা চাইক্লিষ্টগৰাকীক লৈ সকলোৰে আনন্দ, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ প্ৰতিভাবান চাইক্লিষ্ট গংগোত্ৰী বৰদলৈক লৈ ৰহাৰ কটহগুৰিত ব্যাপক উছাহৰ ঢল। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে জিলিকি উঠা গংগোত্ৰী বৰদলৈয়ে এইবাৰ গুৱাহাটীত অনুষ্ঠিত 'খেলো ইণ্ডিয়া' চাইক্লিঙত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ তিনিটাকৈ পদক আজুৰি আনিবলৈ সক্ষম হয়।

শুকুৰবাৰে গংগোত্ৰী স্বগৃহলৈ অহাৰ লগে লগে কটহগুৰিত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অঞ্চলৰ ৰাইজে গংগোত্ৰীক ৰহাৰ সৰাগাঁৱৰ পৰা ঢোলে দগৰে আদৰি আনে আৰু কটহগুৰি খেলপথাৰত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়।

গংগোত্ৰীক জনসেৱা পুথিভৰাঁল, তিৱা ৰাজ দৰবাৰ, গংগোত্ৰীয়ে অধ্যয়ন কৰা কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয়, সৰাগাওঁ হাইস্কুল, কটহগুৰি মধ্য ইংৰাজী বিদ্যালয়, মাছ, আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিৱা ছাত্ৰ সন্থা, ৰহা কৰ্মচাৰী পৰিষদ আদিয়ে উষ্ম সম্বৰ্ধনা জনায়।

ৰাইজৰ আশীৰ্বাদ লাভ কৰি গংগোত্ৰীয়ে আপ্লুত হোৱাৰ লগতে উৎসাহ লাভ কৰা বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in