ৰাষ্ট্ৰীয় চাইক্লিঙত দুটাকৈ পদক লাভ কৰা ৰহাৰ গংগোত্ৰীক নিজ বিদ্যালয়ত সম্বৰ্ধনা

ৰাষ্ট্ৰীয় চাইক্লিঙত দুটাকৈ পদক লাভ কৰা ৰহাৰ গংগোত্ৰীক নিজ বিদ্যালয়ত সম্বৰ্ধনা

ডিজিটেল সংবাদ, ৰহাঃ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্টীয় পৰ্যায়ত অসমীয়া সন্তানে খ্যাতি অৰ্জন কৰি অসমৰ নাম দেশ তথা বিশ্বত উজলাই থকাৰ সময়তে আন এগৰাকী অসম জীয়ৰীয়ে ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত নেশ্যনেল ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি জুনিয়ৰ আৰু চিনিয়ৰ দুয়োটা শাখাতে দুটা কৈ ৰূপৰ পদক লাভ কৰি সুনাম কঢ়িয়াই অনা ৰহাৰ কটহগুৰিৰ গংগোত্ৰিক তেওঁ শৈশৱত অধ্যয়ণ কৰা কটহগুৰি নেহেৰু প্ৰাথমিক বিদ্যালয়ত সোমবাৰে বিয়লি সম্বৰ্ধনা জনোৱা হয়।

বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুস্থিত সম্বৰ্ধনা সভাত স্কুল পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজ আৰু অঞ্চলটোৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু সকলো ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷

উল্লেখ্য যে, ৰহাৰ কটহগুৰিৰ মিহিৰাম বৰদলৈ আৰু ইৰিমনি বৰদলৈৰ কন্যা গংগোত্ৰী বৰদলৈয়ে ৰাজস্থানৰ জয়পুৰত সদ্যসমাপ্ত নেশ্যনেল ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপৰ ১৬ আৰু ১৮ বৰ্ষৰ অনুৰ্ধত অসমক প্ৰতিনিধিত্ব কৰি দেশৰ ভিন্ন ৰাজ্যৰ প্ৰতিযোগীক পৰাস্ত কৰি দুটাকৈ ৰূপৰ পদক জয় কৰি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই অনিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in