বিদ্যা ভাৰতীৰ ৩২সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী স্তুতি

বিদ্যা ভাৰতীৰ ৩২সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী স্তুতি

ডিজিটেল সংবাদ, ৰহাঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অহা ২ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমৰ হৈ ৰহাৰ এগৰাকী ছাত্ৰী অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱাত ৰহাত বৈছে আনন্দৰ বন্যা৷ বিদ্যা ভাৰতীৰ ৩২ তম ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ যোগাসন প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত হোৱা ৰহা শংকৰদেব শিশু বিদ্যা নিকেতনৰ ছাত্ৰী স্তুতি দেৱীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এই যোগাসন প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে সাজু হৈছে।

ৰহা ৰজাগাঁৱৰ নিবাসী নকুল চন্দ্ৰ নাথ আৰু স্বৰ্ণলতা দেৱীৰ কন্যা তথা ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী স্তুতি দেৱী ইতিপূৰ্বে বিদ্যাভাৰতীৰ সংকুল আৰু প্ৰান্তীয় পৰ্যায়ত অনুষ্ঠিত হোৱা যোগাসন প্ৰতিযোগিতাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

এতিয়া অসমৰ হৈ অংশগ্ৰহণৰ সুবিধা লাভ কৰাত আনন্দিত হৈছে নিকেতনখনৰ আচাৰ্যসকলৰ লগতে ৰহাবাসীও৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in