ৰহাত পিতৃয়ে ঘপিয়াই প্ৰাণ কাঢ়িলে পুত্ৰৰ, চাওক VIDEO

ৰহাত পিতৃয়ে ঘপিয়াই প্ৰাণ কাঢ়িলে পুত্ৰৰ, চাওক VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ভোগালীৰ আনন্দ উল্লাসৰ মাজতে ৰহাৰ চাপৰমুখত চাঞ্চল্যকৰ হত্যাকাণ্ড৷ পিতৃৰ দাৰ ঘাপত থিতাতে নিহত হয় পুত্ৰ। নিহত পুত্ৰৰ নাম বিনোদ বৰা(২৮)৷ হত্যাকাৰী পিতৃ পদ্ম বৰা৷ প্ৰাপ্ত তথ্যমতে দীৰ্ঘদিন ধৰি চাপৰমুখৰ চকিয়ালগাৱৰ পদ্ম বৰাৰ পুত্ৰ বিনোদে প্ৰায়ে মদ্যপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰি আহিছিল৷

অশান্তিৰ সকলো সীমা চেৰাই যোৱাত শুকুৰবাৰৰ নিশা প্ৰায় ৯মান বজাত পিতৃয়ে উপৰ্যপুৰি দাৰে ঘপিওৱাত থিতাতে নিহত হয় বিনোদ। হত্যাকাণ্ড সংঘটিত কৰি পিতৃ পদ্ম বৰাই ৰহা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷

পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা খন এটা গোহালী ঘৰত লুকুৱাই থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ লগতে মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in