খহনীয়াৰ কৱলত ৰহাৰ বিস্তৃত অঞ্চল, VIDEO

খহনীয়াৰ কৱলত ৰহাৰ বিস্তৃত অঞ্চল, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ কপিলী আৰু তিতাইমাৰী নদীৰ গৰা খহনীয়াই কাল ৰূপ লৈছে ৰহাৰ চাপৰমুখ মাৰোৱাৰী পট্টিত। নিশাটোৰ ভিতৰতে নদীৰ বুকুত জাহ গ'ল বহু অংশ। কপিলী আৰু তিতাইমাৰী নদীৰ সংগমস্থল এই অংশত নদীয়ে ইতিমধ্যে বহু অংশ খহাই নিয়াৰ পিচত শেহতীয়াকৈ এটা শিৱ মন্দিৰ খহাই নিয়ে আৰু কেইবা ঘৰ লোক খহনীয়াত যাওঁ যাওঁ। ঠিয়ৈ ঠিয়ৈ বহি গৈছে গছ গছনি। খহনীয়াই ইতিমধ্যে শিৱ মন্দিৰটোৰ মনিকূট খহাই নিছে আৰু মাত্ৰ ২ফুট বাকী কেইবাটাও পৰিয়ালৰ বাসগৃহ খহাবলৈ।

অনিদ্ৰাত নিশা কটাইছে পৰিয়াল কেইটাই। কোন দিনা নৈয়ে ঘৰ দুৱাৰ খহাই নিয়ে তাৰ কোনো ঠিকনা নাই। আন কোনো নিৰাপদ স্থানলৈ যাবলৈও উপায় নাই এইসকলৰ।

অঞ্চলটোত খহনীয়াই বিভীষিকা নমাই অনাৰ পিচতো জলসম্পদ বিভাগে খহনীয়া ৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। দেখিলেই বুকু কঁপি উঠা দৃশ্য।

মৰসাহ কৰি এই ঘৰতেই বাস কৰি আছে এইকেইটা পৰিয়ালে। অচিৰেই খহনীয়া ৰোধৰ ব্যৱস্থা নল'লে ভয়ংকৰ বিপদত পৰিব পৰিয়াল কেইটাৰ লগতে অঞ্চলটো।

উল্লেখ্য যে, কপিলী নদীৰ গৰা খহনীয়াই ৰহাৰ মাগুৰগাৱঁৰ নেলীপাৰাতো ত্ৰাসৰ সৃষ্টি কৰি আছে। কিন্তু অন্য মনস্ক মন্ত্ৰী কেশৱ মহন্তৰ জলসম্পদ বিভাগ তথা চৰকাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in