পুৱাই ৰহাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ মৃতদেহ…

পুৱাই ৰহাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ মৃতদেহ…

ডিজিটেল সংবাদ, ৰহাঃ ৰহাত সোমবাৰে পুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছে এটা মৃতদেহ। ৰহা টোলগেটৰ সমীপত ৰাষ্ট্ৰীয় পথৰ কাষৰ নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটো ৰহা চহৰৰ পাঁচ নং ৱাৰ্ডৰ মুন্না কুৰেছী বুলি চিনাক্ত কৰা হৈছে।

মৃতদেহৰ ওপৰতে উদ্ধাৰ হৈছে এখন চাইকেল। পুৱা স্থানীয় লোকে মৃতদেহটো নলাত পৰি থকা দেখি ৰহা আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে গৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। জানিব পৰা মতে ফুলগুৰিত মাংস বিক্ৰী কৰা মাংস ব্যৱসায়ীজনে দেওবাৰে নিশা কৰ্মস্থলীৰ পৰা চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in