ৰহাৰ কলং নদীৰ তিনিসুঁতিত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য, VIDEO

ৰহাৰ কলং নদীৰ তিনিসুঁতিত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ কলং নদীৰ তিনিসুঁতিত বৃহস্পতিবাৰে বিয়লি উদ্ধাৰ হয় এটা অচিনাক্ত যুৱকৰ মৃতদেহ। সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

প্ৰায় ১৬-১৭ বছৰীয়া যুৱকৰ মৃতদেহটো কলঙৰ পানীত উটি অহা দেখি স্থানীয় লোকে ৰহা আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মৃতদেহটো কাৰ বা এয়া হত্যা নে দুৰ্ঘটনা এতিয়াও পোহৰলৈ অহা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in