ৰহাৰ বাৰপূজীয়া যোগনিয়াৰ গ্ৰাহক সমবায় সমিতি লিমিটেডৰ সোনালী জয়ন্তী আৰম্ভ, VIDEO

ৰহাৰ বাৰপূজীয়া যোগনিয়াৰ গ্ৰাহক সমবায় সমিতি লিমিটেডৰ সোনালী  জয়ন্তী আৰম্ভ, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ১৯৬৯ চনতে স্থাপন হোৱা বাৰপূজীয়া যোগনীয়াৰ গ্ৰাহক সমবায় সমিতি লিমিটেডৰ সোনালী জয়ন্তী শনিবাৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সমবায় সমিতিখনৰ বাৰপূজীয়াস্থ কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত হৈছে৷ কাৰ্যসূচী অনুসৰি শনিবাৰে প্ৰথম দিনা পুৱা ৭ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমবায় সমিতিৰখনৰ সভাপতি উপেন চন্দ্ৰ নাথে৷ পতাকা উত্তোলনৰ পাচতে প্ৰতিষ্ঠাপক সদস্য চিত্তৰঞ্জন গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে তাৰ পাচতে পুৱা ৮ বজাত স্মৃতি তৰ্পনৰ শুভাৰম্ভ কৰে প্ৰতিষ্ঠাপক সদস্য মহীম ডেকাই।

দিনৰ ১১ বজাৰ পৰা অনুস্থিত হয় "মীন পালন আৰু স্বাৱলম্বিতা – আধুনিক চিন্তা " শীৰ্ষক আলোচনা চক্ৰ৷ সমবায়খনৰ সভাপতি উপেন চন্দ্ৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰখনত বক্তা হিছাপে উপস্থিত থাকে ক্ৰমে নগাঁও জিলা মীন উন্নয়ন বিষয়া ড°ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন, নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউণ্ড আৰু নগাঁও জিলা কৃষি আৰু বানিজ্য বিভাগৰ প্ৰবন্ধক ধনাজী ৰাজাৰাম যাদৱে৷ কেইবা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত আলোচনা চক্ৰখনত নিজৰ বক্তব্য প্ৰদান কৰি মীন উন্নয়ন বিষয়া ড° বৰ্মনে মীন পালনৰ সকলো দিশৰ ওপৰত সবৃস্তাৰে বাখ্যা আগবঢ়োৱাৰ লগতে তথ্য সহকাৰে স্বাৱলম্বিতাৰ বিভিন্ন নিদৰ্শন ডাঙি ধৰি সকলোকে উপকৃত কৰে৷

"কৃষি বানিজ্য কৰণত কৃষক গোটৰ ভূমিকা" শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰি জিলা কৃষি বিষয়া খাউণ্ডে সবিস্তাৰে বাখ্যা আগবঢ়াই লগতে আন গৰাকী বক্তা ৰাজাৰাম যাদৱেও নিজ বিভাগৰ তথা চৰকাৰৰ বিভিন্ন আচনিৰ জৰিয়তে সকলো উপকৃত হ'বপৰাকৈ ভাষণ আগবঢ়ায়৷ ১৩অক্টোবৰ তথা অন্তিমদিনৰ কাৰ্যসূচী পুৱা ৯বজাত চিত্ৰাংকন প্ৰতিযোগিতাৰে আৰম্ভ হ'ব৷ চিত্ৰাংকন প্ৰতিযোগিতা "ক" আৰু "খ" দুটা শাখাত অনুষ্ঠিত হ'ব৷ "ক" শাখাত প্ৰথম শ্ৰেনীৰ পৰা পঞ্চম আৰু "খ" শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব৷

উদযাপন সমিতিয়ে ড্ৰয়িং পেপাৰ যোগান দিয়াৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলে অনান্য সামগ্ৰী লগত আনিব লাগিব৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ "ক" আৰু "খ" শাখাৰ চাৰিটা পুৰস্কাৰৰ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু উদগনিমূলক পুৰস্কাৰ ক্ৰমে ১০০০টকা, ৭০১টকা, ৫০১টকা আৰুু ৩০১টকা৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ পাচতে সমবায় সমিতিখনৰ অংশীদাৰসকলৰ অন্তৰংগ আলোচনা ১০বজাত অনুষ্ঠিত হ'ব৷

অন্তৰংগ অনুষ্ঠানটোৰ আত ধৰিব প্ৰতিষ্ঠাপক সদস্য মহীম চন্দ্ৰ ডেকাই৷ ১২বজা মঞ্চ উদ্ধোধনৰ পাচতে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত আৰু আৰু সমবেত সংগীত পৰিবেশন কৰিব৷ তাৰ পাচতে অনুষ্ঠিত হ'ব বঁটা বিতৰণি অনুষ্ঠান৷ ১বজাত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাৰে দুদিনীয়া সোনালী জয়ন্তীৰ সামৰণি পৰিব৷

মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৮০নং মৰিগাঁঁও বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ, সমবায় সমিতিসমূহৰ নগাঁও আৰু মৰিগাঁওৰ জিলাৰ উপ পঞ্জীয়ক ক্ৰমে বিশ্বজিত চক্ৰৱৰ্তী, প্ৰদীপ চন্দ্ৰ মেধী, কপিলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মন্টু বৰবৰুৱা আৰু সীতা জখলা দুগ্ধ উন্নয়ন সমবায় সমিতিৰ সভাপতি ৰঞ্জিৱ শৰ্মা৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in