ৰহাত বন্ধন বেংকৰ বিত্তীয় সাক্ষৰতা শিবিৰ

ৰহাত বন্ধন বেংকৰ বিত্তীয় সাক্ষৰতা শিবিৰ

ডিজিটেল সংবাদ, ৰহাঃ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুযায়ী ৰাজ্যৰ বিভিন্ন বেংক তথা বিত্তীয় প্ৰতিষ্ঠান সমূহে আয়োজন কৰি অহা বিত্তীয় সাক্ষৰতা শিবিৰ সমূহৰ অংশ হিচাপে বৃহস্পতিবাৰে ৰহাতো বন্ধন বেংকৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰে৷ সভাত কামপুৰ তেতেলিসৰা শাখা বেংকৰ প্ৰবন্ধক সঞ্জয় বৰ্মনে বেংকৰ জৰিয়তে কিদৰে সঞ্চয় কৰিব লাগে সেই সম্পৰ্কত বিস্তৃত ভাবে বৰ্ণনা কৰে।

বন্ধন বেংকৰ প্ৰায় শতাধিক গ্ৰাহকৰ উপস্থিতিত আয়োজন কৰা সভাখনত উপস্থিত থাকে বন্ধন বেংকৰ শিক্ষা সম্পৰ্কীয় বিষয়া চন্দন নাথ, বন্ধন বেংকৰ কেইবাগৰাকী বিষয়ববীয়া আৰু পূৱ টোপাকুছি, পশ্চিম শালমৰা গাৱৰ গাওঁবুঢ়া সকলো উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in