ৰহাত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে সজাগতা সভা

ৰহাত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে সজাগতা সভা

ডিজিটেল সংবাদ, ৰহাঃ ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগৰ উদ্যোগত তথা ৰহা আঞ্চলিক পঞ্চায়তৰ ব্যৱস্থাপনাত বুধবাৰে ৰহা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন কৰা হয়। শিশু শ্ৰমিক বিৰোধী দিৱসৰ লগত সংগতি ৰাখি উন্নয়ন খণ্ডৰ সভাগৃহত ৰহা আঞ্চলিক পঞ্চায়তৰ সভাপতি যতীন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এক সজাগতা সভা। শ্ৰম বিভাগৰ বিষয়া, নগাওঁ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, নগাওঁ জিলা পৰিষদৰ সদস্য, খণ্ড উন্নয়ন বিষয়াৰ লগতে বিভিন্ন পঞ্চায়তৰ শতাধিক লোকে অংশগ্ৰহণ কৰা সজাগতা সভাত শিশু শ্ৰমিক বিৰোধী শপত বাক্য পাঠ কৰা হয়।

সভাত শ্ৰম আইনৰ সম্পৰ্কে সজাগতা অনাৰ লগতে শ্ৰম আইনৰ অধীনত বিষেকৈ গৃহ নিৰ্মাণৰ শ্ৰমিকে গৃহ নিৰ্মাণ শ্ৰমিক আইনৰ অধীনত পাবলগীয়া স্বাস্থ্য, শিক্ষা আৰু বীমাৰ সা-সুবিধাসমূহৰ বিষয়ে শ্ৰমিকসকলৰ আগত সবিস্তাৰে বৰ্ণনা কৰে শ্ৰম পৰিদৰ্শক মধুমিতা শইকীয়াই।

সভাত অংশ গ্ৰহণ কৰি নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্যই শিশু শ্ৰমিক বিৰোধী দিৱসৰ তাৎপৰ্য বাখ্যা কৰি নিয়োজিত হৈ থকা শিশু শ্ৰমিক সকলক চৰকাৰ তথা শ্ৰম বিভাগৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত কৰিবলৈ আহ্বান জনায়।

সভাত নগাঁও জিলা পৰিষদৰ উপ-সভাপতি প্ৰমোদ লস্কৰ, জাগীয়াল জিলা পৰিষদৰ সদস্যা কবিতা বৰা, ৰহা খণ্ড উন্নয়ণ বিষয়া ভাস্কৰ বৰবৰাৰ লগতে পঞ্চায়তৰ জনপ্ৰতিনিধিসকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in