শেহতীয়া খবৰ
নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান  •  ৰাজপথত কুকুৰৰ মুখত নৱজাতক, চি চি টিভিত বন্দী হৈছে VIDEO  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল

ৰহাৰ ‘অকণিৰ কবিতা ঘৰ অসম’ৰ ৰূপালী জয়ন্তী মহোৎসৱৰ শনিবাৰে সামৰণি পৰে

35

ডিজিটেল ,সংবাদ, ৰহাঃ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰহাত অনুষ্ঠিত হৈ থকা ‘অকণিৰ কবিতা ঘৰ অসম’ৰ ৰূপালী জয়ন্তী মহোৎসৱৰ শনিবাৰে নিশা সামৰণি পৰে। অন্তিম দিনা আয়োজক সমিতিয়ে আয়োজন কৰে অকণি মিলন মেল আৰু পৰ্যালোচনা সভা৷ অকণি প্ৰস্তুতি দাসে সভাপতিত্ব কৰা সভাখনত আস্থা নন্দিনী মুদৈ, জাগৃতি বৰদলৈ, অনিন্দিতা শইকীয়া, কৃষ্টিবন ডেকাকে ধৰি কেবাজনো শিশু বক্তাৰ লগতে মুখ্য পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ লগতে নিদিষ্ট পৰ্যবেক্ষক হিচাপে ডo অৱনী কুমাৰ ভাগৱতী, কণ্ঠশিল্পী কল্লোল বৰঠাকুৰৰ লগতে কেবাগৰাকী বিশিষ্ট অতিথি৷

অকণিৰ মিলন মেল আৰু পৰ্যালোচনা সভাত উপস্থিত থাকি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া অভিভূত হৈ পৰাৰ লগতে শিশু সকলক উদ্দ্যেশি বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই৷ নিশা অনুষ্ঠিত হয় বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান৷ উল্লেখ্য যে, প্ৰথম দিনাৰে পৰা শিশুৰ কলৰৱত মুখৰিত হৈ আছিল সমগ্ৰ ৰহা অঞ্চল।

প্ৰথম দিনা পুৱা ২৫ গৰাকী শিশুৰ দ্বাৰা ২৫ খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী সমাৰোহৰ পাতনি মেলাৰ পাছত দ্বিতীয় দিনা সমাৰোহস্থলীত অকনিৰ কবিতা ঘৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ১৫ খন ভিন্নসুৰী গ্ৰন্থ আৰু ৰূপালী জয়ন্তী বৰ্ষৰ স্মৰনিকা ‘স্মাৰক পত্ৰিকা’ উন্মোচন কৰা হয়৷

গ্ৰন্থ উন্মোচন কৰে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বেদ কুমাৰ চলিহাই। উল্লেখ্য যে, ১৯৯৪ বৰ্ষৰ পৰাই অকণি কবিতা ঘৰ অসমে শিশু সকলৰ বৌদ্ধিক, মানসিক বিকাশ সাধনৰ অৰ্থে বিভিন্ন ধৰনৰ প্ৰশংসনীয় কাম কৰি আহিছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি