ৰহাত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা…

ৰহাত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা…

ডিজিটেল সংবাদ, ৰহা: ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰহা নতুন চাৰিআলিত শুকুৰবাৰে দুপৰীয়া এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাটোত এগৰাকী মহিলা গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়৷

আঘাতপ্ৰাপ্ত মহিলাগৰাকী ৰহা আৰক্ষী থানাৰ অন্তৰ্গত থুকুলাগাঁৱৰ বুবুল বৰাৰ পত্নী ইলাবালা বৰা(৭৪)বুলি চিনাক্ত কৰা হৈছে৷ জানিব পৰা মতে, ৰহা নতুন চাৰিআলিত মহিলাগৰাকীয়ে ঘাইপথটো পাৰ হ'ব লওঁতেই নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী তীব্ৰ গতিৰে অহা এম এন ০৬ টি ০৪৬১ নম্বৰৰ ট্ৰাকখনে মহিলাগৰাকীক মহটিয়াই থৈ যায়৷ ট্ৰাকৰ খুন্দাত মহিলা গৰাকী গুৰুতৰভাৱে আহত হয় ৷

ঘটনা সংঘটিত কৰিয়ে ট্ৰাকখন পলায়ন কৰে৷ পাছত মহিলাগৰাকীক আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত ১০৮ সহায়ত নগাঁৱ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ পলায়ন কৰা ট্ৰাকখন পাছত আৰক্ষীয়ে নেলীত আটক কৰিবলৈ সক্ষম হয়৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in